নৰেন শৰ্মা,বাহাৰঘাট:
কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ গড়পোট বাপুজী হাইস্কুলৰ বাৰ্ষিক অধিবেশন আৰু বটাবিতৰণী সভাখন ১৯ নৱেম্বৰত দিনজোৰা কাৰ্য্যসূচীৰে বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়৷তদুপলক্ষে দিনৰ ১২ বজাত পাত্ৰপুখুৰী পাৰ হাইস্কুলৰ প্ৰধান শিক্ষক নৃপেন দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মহেশ্বৰ কলিতাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ওপৰত গভীৰ আস্থা ৰাখি অধ্যয়নত ব্ৰতী হ'ব লাগে৷উক্ত সভাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে যুগুতাই উলিওৱা প্ৰাচীৰ পত্ৰিকা ’আৰোহণ’ উন্মোচন কৰি সাংবাদিক নৰেন শৰ্মাই কয় যে যিকোনো সৃষ্টিশীল কৰ্মতে মানুহে আনন্দ লাভ কৰিব পাৰে৷সৃজনীশীল কৌশলৰে এটি সুন্দৰ লেখনিৰ জৰিয়তে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰিব পাৰে৷বিদ্যালয়খনৰ জেষ্ঠ সহঃশিক্ষক পৰেশ চন্দ্ৰ ডাউকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শশীৰানী শৰ্মাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ লগতে ছাত্ৰ একতা সভাৰ সম্পাদক নয়নজ্যোতি কলিতাই ছাত্ৰ একতা সভাৰ প্ৰতিবেদন পাঠ কৰে৷তদুপৰি সভাত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বীজেন চন্দ্ৰ লহকৰ আৰু অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ভূপেন বেজবৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে৷সভাত বিদ্যাৰ্থীসকলে গীত,মাত নৃত্য আৰু দিহানাম পৰিৱেশন কৰিছিল। উল্লেখযোগ্য যে উক্ত সভাতে এইবেলি বিদ্যালয় সপ্তাহত ক্ৰীড়া আৰু সাংস্কৃতিক দিশত যোগ্যতা প্ৰদৰ্শন কৰাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰাৰ লগতে সম্বৰ্দ্ধনা জনোৱা হয়।
- Log in to post comments
- 97 views