নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চত্ৰা-পৈছাৰা-চেনীকুছিৰ ঈদগাহ ময়দানত পৱিত্ৰ ঈদ্ ঊল আজহাৰ লগত সংগতি ৰাখি অহা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত দুদিনীয়া বৰ্ণিল কাৰ্য্যসুচীৰে পৱিত্ৰ ঈদ সন্মিলন উদ্যাপনৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে ঈদ সন্মিলনখন সুচাৰুভাৱে পৰিচালনা কৰাৰ বাবে হবিবৰ ৰহমানক সভাপতি,ৰাজীৱ আলীক সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে।কাৰ্য্যসূচী অনুসৰি ৩০ নৱেম্বৰৰ পুৱা খোতামে কোৰণ পাঠ আৰু সমুহীয়া দোৱা,পতাকা উত্তোলন,খেল-ধেমালি প্ৰতিযোগিতাৰ পিছতে আবেলি সংগীত প্ৰতিযোগিতা(জিকিৰ)।আবেলি ৫ বজাত নৃত্য প্ৰতিযোগিতা।সন্ধিয়া ৬ বজাত বিশ্ব শান্তিৰ হকে বন্তি প্ৰজ্বলন।নিশা ১০ বজাত সুৰৰ সন্ধিয়া মুকলি কৰিব ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই।১ ডিচেম্বৰৰ পুৱাৰ ভাগত ভেশচন প্ৰতিযোগিতা,বৃক্ষ ৰোপণ,সমূহীয়া চাফাই,কুইজ প্ৰতিযোগিতা।আবেলি ৩ বজাত বঁটা বিতৰণী অনুষ্ঠানত বিতৰক হিচাপে থাকিব নলবাৰী অধিবক্তা সন্দকৰ হুছেইনে।সন্ধিয়া ৭ বজাত সম্বৰ্ধনা অনুষ্ঠান।নিশা ৮ বজাত বন্তি প্ৰজ্বলন কৰিব ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে।নিশা ৯ বজাত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ ৰুমী ৰাজ,ৰমেন ৰাজ শৰ্মা,নিলোফাৰ নাচৰিন আৰু ৰূপজ্যেতি নাথৰ বিভিন্ন সুৰীয়া গীত পৰিৱেশনৰে ঈদ সন্মিলনৰ সামৰণি পৰিব।
- Log in to post comments
- 10 views