বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰচাৰ পত্ৰিকা বিতৰণ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক: কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোডী চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণ,বিভিন্ন দল- সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ দেখুৱাই পুনৰ সংসদৰ চলিত শীতকালিন অধিৱেশনত ভাৰতৰ সংবিধান বিৰোধী,গণতন্ত্ৰ বিৰোধী,সাম্প্ৰদায়িক আৰু অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিব বিচৰাত পুনৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে।এই আন্দোলনৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ৷ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে বঙাইগাঁৱৰ চিলাৰায় সাপ্তাহিক বজাৰত উপস্থিত হৈ গ্ৰাহক,বিক্ৰেতাকে ধৰি সকলো শ্ৰেণীৰ ৰাইজৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনায় ৷ 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমলৈ আহি আছে লাখে লাখে বিদেশী','অসমীয়া জাতিৰ বাবে ভয়াৱহ বিপদ সংকেত' শীৰ্ষক ছয়টা কাৰণ সম্বলিত প্ৰচাৰ পত্ৰিকাখনত নাগৰিকত্ব সংশোধনী বিধেয়কখন আইন পৰিণত হ'লে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমত অবৈধভাৱে প্ৰৱেশ কৰি বসবাস কৰি থকা আনুমানিক ২০ লাখ হিন্দু বাংলাদেশী নাগৰিকে অসমত লগে লগে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত প্ৰায় দুই কোটি হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত পত্ৰিকাখনত লগতে উল্লেখ কৰা মতে এই বিধেয়কখন গৃহীত হ'লে অসমৰ ৩ কোটি ১১ লাখ (২০১১ চনৰ লোকপিয়ল অনুসৰি) লোকৰ ৰাজনৈতিক অধিকাৰ নিঃশেষ হ'ব ৷ অসমৰ মুখ্যমন্ত্ৰী হ'ব বাংলাদেশী ৷ বিধানসভা, পঞ্চায়ত, নগৰ পালিকাৰ নিৰ্বাচিত সদস্য পদসমূহ বাংলাদেশীয়ে দখল কৰাৰ লগতে বাংলাদেশীয়ে শাসন কৰিব ৷ সেইদৰে অসমৰ ৰাজ্য ভাষাৰ মৰ্যদা অসমীয়াৰ পৰিৱতে বাংলা হোৱাৰ দুৰ্ভাৱনাই অসমীয়াক সদায় খেদি ফুৰিব ৷ অসমৰ মাটি, ব্যৱসায়- বাণিজ্য,চাকৰি, দৈনিক মজুৰিৰ কাম দখল কৰিব বাংলাদেশীয়ে ৷ অসমৰ বৃহৎ বৃহৎ চাহ - বাগানসমূহত বাংলাদেশী শ্ৰমিকে সস্তা দামত শ্ৰম বিক্ৰী কৰি অসমৰ চাহ শ্ৰমিকসকলক ভয়াৱহ বিপদলৈ ঠেলি দিব ৷ সেয়ে অসমীয়া জাতিয়ে প্ৰৱল গণ প্ৰতিৰোধেৰে বিজেপি - আৰ এছ এছৰ এই দুৰাকাংক্ষাক বাধা দিব নোৱাৰিলে অসমীয়া জাতি এই পৃথিৱীত জাতি হিচাপে জীয়াই নাথাকিব বুলিও উল্লেখ কৰিছে প্ৰচাৰ পত্ৰিকাখনত ৷ ইফালে,প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমি পূৰ্বেও প্ৰতিবাদ কৰিছিলো ,বৰ্তমানেও প্ৰতিবাদ কৰি আহিছোঁঁ আৰু ভৱিষ্যতেও প্ৰতিবাদ কৰি যাম ৷ বিজেপি চৰকাৰখনে লোকসভা আৰু ৰাজ্যসভাত তেওঁলোকৰ যথেষ্টসংখ্যক সাংসদ আছে বুলিয়ে অসমীয়া জাতিৰ ওপৰত যি কোনো সিদ্ধান্ত জাপি দিব আৰু অসমীয়া জাতিয়ে সেয়া নিৰ্বিবাদে মানি ল'ব- এয়া কেতিয়াও হ'ব নোৱাৰে ৷ শিয়াল দেখিলে আগুৱাই যোৱা আৰু সিংহ দেখিলে পিছুৱাই অহাৰ দৰে স্বভাৱ কেতিয়াও অসমীয়া জাতিৰ নাছিল ৷ আমাৰ অসমীয়া জাতি বীৰ লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত, বীৰ চিলীৰায়ৰ আদৰ্শৰে অনুপ্ৰাণিত ৷ গতিকে,আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙিবলৈ তথা অসমীয়া জাতিৰ ৰাজনৈতিক, সাংস্কৃতিক অধিকাৰক ধূলিসাৎ কৰিবলৈ বিজেপি চৰকাৰখনে যদিহে সংখ্যাৰ বল দেখুৱাই অসমীয়া জাতিৰ ওপৰত অবৈধ বিদেশীৰ বোজা জাপি দিবলৈ ওলাইছে, তেতিয়াহ'লে আমি অসমীয়া জাতিয়ে সেয়া কেতিয়াও মানি নলও আৰু ইয়াৰ বিৰুদ্ধে আমি নিৰন্তৰভাৱে প্ৰতিবাদ কৰি যাম ৷ আমাৰ প্ৰতিবাদী কাৰ্যসূচী গাঁৱে- ভূঞে আৰু চুকে- কোণে লৈ যাম ৷ তাৰ অংশ হিচাপে আমি বঙাইগাঁও চহৰৰ চিলাৰায় সাপ্তাহিক বজাৰত জনসাধাৰণৰ মাজত নাগৰিকত্ব সংশোধনী বিধেয়কখন আমি কিয় বিৰোধিতা কৰিব লাগে,তাৰ কাৰণ সম্বলিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিছো আৰু এনে ধৰণৰ প্ৰতিবাদ কৰিয়ে যাম ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন যি কোনো মূল্যৰ বিনিময়ত আমি প্ৰতিহত কৰিম বুলিও কয় ৷ প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি মহীধৰ ৰায়ৰ লগতে কেইবাগৰাকীও সদস্য উপস্থিত আছিল ৷

Your Comments