নৰেন শৰ্মা,বাহাৰঘাট: নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বন্ধন বেংক শাখাৰ উদ্যোগত মঙলবাৰে বিশ্ব শৌচাগাৰ দিৱস উপলক্ষে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে এটা সজাগতামুলক সমদল উলিওৱা হয়।ইয়াৰ পূৰ্বে ঘগ্ৰাপাৰ গাঁও পঞ্চায়ত বন্ধন স্বাস্থ্য বিভাগৰ সহযোগত শৌচাগাৰৰ ব্যৱহাৰ সন্দৰ্ভৰ সজাগতা সভাখনৰ সভাপতিত্ব কৰে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই। সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বন্ধন বেংক ঘগ্ৰাপাৰ শাখাৰ স্থাস্থ্য বিভাগৰ এলেকা ব্যৱস্থাপক সত্য কুমাৰ দেৱনাথে।সভাখনত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতাই ভাষণত বিশ্ব শৌচাগাৰ দিৱসৰ তাৎপৰ্য বাখ্যা কৰি অঞ্চলটোৰ সকলো শ্ৰেণীৰ নাগৰিকক নিজৰ ঘৰত একোটা বিজ্ঞানসন্মত শৌচাগাৰ তৈয়াৰ কৰাত গুৰুত্ব দি স্থাস্থ্য ভালে ৰাখিবলৈ আহ্বান জনায়।সভাত পূব-বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশীয়ে ভাষণত শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজৰ সজাগ হোৱাৰ কথা উল্লেখ কৰি শৌচাগাৰ থাকিলে মহিলাৰ স্থাস্থ্য আৰু নিৰাপত্তা বহু ক্ষেত্ৰত সুনিশ্চিত হয় বুলি কয়।সভাত ঘগ্ৰাপাৰ বন্ধন বেংক শাখা ব্যৱস্থাপিকা মৌচুমী ৰায়ে ভাষণত বাহিৰত শৌচ কৰিলে মানুহৰ দেহ হ'ব পৰা বিভিন্ন ৰোগৰ কথা উল্লেখ কৰে।সভাত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তপন দাস,সাংবাদিক দ্বিজেন ডেকা,পঞ্চায়ত সচিব পৰেশ কলিতা,জয়ন্ত শৰ্মা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী বিনীতা মজুমদাৰ,বন্ধন স্থাস্থ্য কৰ্মী মল্লিকা ৰায়,চুমলি বৰ্মন,আশা কৰ্মী,ঘগ্ৰাপাৰ -বৰাজোলৰ বন্ধন গ্ৰাম্য সেৱিকাৰ উপৰিও স্থানীয় দুইশতাধিক নাগৰিকে অংশগ্ৰহণ কৰে।ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ পৰা উলিওৱা শৌচাগাৰ ব্যৱহাৰ -সজাগতামূলক বৃহৎ সমদলত মহিলাসকলে হাতে-হাতে বেনাৰ ,প্লে কাৰ্ড,ফেষ্টুন লৈ ঘগ্ৰাপাৰ অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে।
- Log in to post comments
- 47 views