চৰাইদেউত প্ৰাথমিক বিদ্যালয় হস্তান্তৰ কৰাক লৈ প্ৰতিবাদ 

চৰাইদেউ জিলাৰ বৰহাট পশ্চিম নলবৰীয়া গাঁৱৰ এখন প্ৰাথমিক বিদ্যালয় হস্তান্তৰ কৰাৰ প্ৰতিবাদত সোমবাৰে ছাত্র-ছাত্ৰী, অভিভাৱকৰ লগতে গাঁওৰসমুহ ৰাইজে বিদ্যালয়লৈ আহি কৰিলে প্ৰতিবাদ । সাপেখাতী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় অধিনৰ ৪৫৪ নং পশ্চিম নলবাৰী প্ৰাথমিক বিদ্যালয় খন গুন উৎসৱ পাটি যোৱা পাছতে হঠাতে শিক্ষা বিভাগে এক হঠকাৰী সিদ্ধান্ত লৈ বিদ্যালয় কৰ্তব্যৰত দুজন শিক্ষকক বদলি কৰি লৈ যোৱা পাছতে ছাত্ৰ ছাত্ৰী সকলকো প্ৰায় দুই কি:মি: দূৰত্বৰ এখন বিদ্যালয় লৈ যাবলৈ নিৰ্দেশ দিয়ে ।

১৯৪৮ চনতে স্থাপিত হোৱা বিদ্যালয় খনত বৰ্তমানেও ২২ জনকৈ ছাত্ৰ-ছাত্ৰী থকা উপৰিও বিদ্যালয় আন্ত গাঠনিও যথেষ্ট উন্নত হোৱা পাছতো বিদ্যালয় খনৰ উপৰত এনে সিদ্ধান্ত লোৱাত আচৰ্য্য প্ৰকাশ কৰিছে গাঁওখনৰ সমুহ জনসাধাৰনে । প্ৰায় দুই কি:মি: দুৰত্বৰ বিদ্যালয়খনলৈ কন-কন ছাত্ৰ-ছাত্ৰীসকলৰ অহা যোৱা পথো সুগম নহয় ।

আনহাতে পথৰ কাষতে নলা-নৰ্দমা থকাত অভিভাৱকসকলেও উক্ত বিদ্যালয় লৈ ছাত্ৰ-ছাত্ৰীসকলক হস্তান্তৰ কৰা বিদ্যালয় লৈ নপঠিয়াই পশ্চিম নলবাৰী প্ৰাথমিক বিদ্যালয়তে গৰমবন্ধ খোলা পাছৰ পৰা অভিভাৱকসকলে পাঠ দান চলাই আছে ।আজি ছাত্ৰ-ছাত্ৰী অভিভাৱক সকলোৱে প্ৰতিবাদ জনাই শিক্ষা বিভাগৰ লগতে মুখ্য মন্ত্ৰীলৈ আহ্বান জনাই যাতে বিদ্যালয় খন বন্ধ কৰি নিদি শিক্ষক দুজনকো পুনৰ বিদ্যালয় লৈ ঘুৰাই আনিবলৈ অনুৰোধ জনাইছে ।

Your Comments