আছু-অসম আৰক্ষী প্ৰশাসনৰ বিশেষ সতৰ্কতামূলক ব‍্যৱস্থা 

aasu_police

আপছুৱে 'অপাৰেচন ক্লীন ড্ৰাইভ' স্থগিত ৰাখিছে যদিও ইতিমধ্যে অৰুণাচলৰ পৰা সন্দেহযুক্ত বিদেশী নাগৰিকে সীমা পৰা হৈ অসমত প্ৰৱেশ কৰাৰ আশংকা ঘনীভূত হৈ পৰিছে । এই ক্ষেত্ৰত গহপুৰ মহকুমা সংলগ্ন পথ ৰাজগড় (হোলেংগী) হৈ যাতে 'অপাৰেচন' ক্লীন ড্ৰাইভ'ত খেদা খোজ সন্দেহযুক্ত বিদেশী নাগৰিকে গহপুৰত প্ৰৱেশ কৰিব নোৱাৰি , তাৰ বাবে গহপুৰ মহকুমাৰ সংযোগ পথসমূহত চোকা দৃষ্টি ৰখাৰ আহ্বানেৰে গহপুৰ মহকুমা প্ৰশাসনক গহপুৰ মহকুমা ছাত্ৰ সন্থাই যোৱা চাৰি আগষ্টত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল । 

কিন্তু এই ক্ষেত্ৰত অকল প্ৰশাসনৰ ওপৰতে ভৰসা নকৰি গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ কুৰিজনীয়া সদস্যৰ এটি দলে কালি পুৱাৰেপৰা বিয়লিলৈকে ৰাজগড়ত উপস্থিত থাকি পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে কোনো সন্দেহজনক বিদেশী নাগৰিকে যাতে গহপুৰত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখে ‌।

সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ তথ্য সম্পাদক অৰুণ মহন্ত, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সম্পাদক ধ্ৰুৱজ‍্যোতি বৰা, পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিক্ৰমজিৎ ভূঞা, শোণিতপুৰ জিলা আছুৰ কাৰ্যনিৰ্বাহক সদস্য দিগন্ত মুদৈ,গহপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব‍্যজ‍্যোতি ভূঞা, সম্পাদক উৎপল বৰুৱা, ছয়দুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ উপ-সভাপতি অৰূপজ্যোতি ভূঞা, ছয়দুৱাৰ মহাবিদ্যালয় ছাত্র একতা সভাৰ সম্পাদক অমৰজ‍্যোতি ভূঞা প্ৰমুখ্যে দলটোৱে সম্পূৰ্ণ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে প্ৰখৰ ৰ'দকো নেওচি ৰাজগড়ত নিৰীক্ষণ কৰ্য সম্পন্ন কৰে ।

অৱশ্যে নিৰীক্ষণ সময়ছোৱাত কোনো সন্দেহজনক বিদেশী নাগৰিকে অৰুণাচল প্ৰদেশৰ পৰা গহপুৰত প্ৰৱেশ কৰাটো আছুৰ দলটোৰ দৃষ্টিগোচৰ নহ'ল ।

ইপিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই সংবাদ মাধ্যমৰ আগত কয় যে গহপুৰ আছুৱে যোৱা চাৰি আগষ্টতে অৰুণাচল প্ৰদেশৰ সংযোগ পথসমূহত চোকা দৃষ্টি ৰাখিবৰ বাবে গহপুৰৰ মহকুমা প্ৰশাসনৰ পদক্ষেপ সন্তোষজনক নোহোৱাত আজি আছু কৰ্মীসকলে নিজে নিৰীক্ষণৰ ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । এই ক্ষেত্ৰত গহপুৰ মহকুমা আছে আৰক্ষী প্ৰশাসনক বিশেষভাৱে সতৰ্কতামূলক ব‍্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আছু নেতা বৰাই পুনৰবাৰ আহ্বান জনায় ।

Your Comments