দক্ষিণ বৰপেটা শংকৰদেৱ শিশু উদ্যানৰ প্ৰথম বৰ্ষপুতি উদযাপন

barpeta_sankardev

বৰপেটাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান শংকৰদেৱ শিশু উদ্যানৰ বৰ্ষপুতি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা ২৭ জন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰ স্থানীয় বিধায়ক গুনিন্দ্ৰ নাথ দাস, শিক্ষাৰত্ন তথা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰৰ লগতে বহু গণ্য মান্য ব্যক্তি। অনুষ্ঠানত সভাপতিত্ব কৰে বৰপেটা প্ৰেছ ক্লাৱৰ সভাপতি প্ৰিয়ৰঞ্জন দাসে।

barpeta_sankardev

উক্ত অনুষ্ঠানত বিধায়ক পুজিৰ পৰা ডেৰ লাখ টকাৰ অনুদানেৰে এক অতিৰিক্ত গৃহৰ আধাৰশিলা স্থাপন কৰা হয় আৰু আধাৰশিলা স্থাপন কৰে বিধায়ক গুনিন্দ্ৰ নাথ দাসে।

Your Comments