নাৰায়ণপুৰত শিশুৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্তিতি

body_narayanpur

লখিমপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী নাৰায়ণপুৰৰ ৰাজগড়ত আজি এটি কণমানি কন্যা শিশুৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে,অৰুণাচলৰ বান্দৰদেৱা থানাৰ অন্তৰ্গত চুনাজুলিস্থিত চেঁচা আৰক্ষী চকীৰ পৰা মাত্র দুশ মিটাৰ পশ্চিম দিশত কালিৰে পৰা সন্ধানহীন হৈ থকা কণমানিজনীৰ মৃতদেহ উদ্ধাৰ হয় ৷

প্ৰাপ্ত তথ্য মতে, নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত চুনাজুলী মধ্য ইংৰাজী বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত তথা লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী দ-জানৰ নিৱাসী দিল বাহাদুৰ অধিকাৰী আৰু বিমলী দেবীৰ একমাত্ৰ সাত বছৰীয়া কন্যা বিনীতা অধিকাৰী যোৱা কালি বসন্ত ৰোগৰ প্ৰতিষেধক লৈ অকলশৰে ১১.৩০ মান বজাত বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা পথৰ পৰা সন্ধানহীন হৈ থকাৰ পাছত আজি পুৱা ৭ মান বজাত সীমান্তৱৰ্তী ৰাজগড় পথৰ দাঁতিতে থকা অৰুণাচলৰ দ-জান আঞ্চলিক বন বিজ্ঞান কেন্দ্ৰৰ চৌহদৰ পকী বেৰাৰ কাষত পৰি থকা অৱস্থাৰ পৰা মৃতদেহটি উদ্ধাৰ কৰা হয় ৷

body_assam

প্ৰথম দৃষ্টিতে শিশুটিক অপহৰণ কৰা দুবৃত্তই ধৰ্ষণ কৰি হত্যা কৰি বেৰাৰ কাষত পেলাই থৈ যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, যোৱা কালি কনমানি জনী সন্ধানহীন হোৱা সৰ্ম্পকত পৰিয়ালৰ লোকে শিমলুগুৰি আৰু চেঁচা আৰক্ষী চকীত অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷

ইফালে অৰুণাচলৰ হোটেলত দিন হাজিৰা কৰি কোনো মতে পৰিয়ালটি পোহপাল দি থকা দিল বাহাদুৰে কন্যা সন্ধানহীন হৈ থকা খবৰ পায় কালি সন্ধিয়া ঘৰত উপস্থিত হৈ ইফালে সিফালে বিনীতাক বিচাৰ খোঁচাৰ কৰে যদিও কোনো ধৰণৰ সন্ধান লাভ নকৰাত আজি পুৱা প্ৰায় ৭ মান বজাত সন্দেহবশত: গৃহৰ সমীপতে থকা দ-জান আঞ্চলিক বনবিজ্ঞান কেন্দ্ৰৰ বেৰাত উঠি ভিতৰলৈ ভুমুকিয়াই চাওঁতেই জংঘলৰ মাজত অতিকে কৰুণ অৱস্থাত নিজ কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু গাঁৱৰ মহিলা সকল একগোট হৈ চেঁচা আৰক্ষী চকীত খবৰ দিবলৈ যাওঁতে পুৰুষ আৰক্ষীয়ে মহিলা সকলক প্ৰহাৰ কৰি খেদি পঠিওৱাত স্থানীয় লোকসকল ক্ষুদ্ধ হৈ সীমান্তৱৰ্তী চেঁচা আৰক্ষী চকীত দুৱাৰ খিৰিকি ভাঙি লণ্ড-ভণ্ড কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে মহিলা সকলে অৰুণাচল পুলিচ হায় হায়, ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷

পাছত ঘটনাস্থলীত পাপুমপাৰে জিলা আৰক্ষী অধীক্ষক এম হাৰাশা ধৰ্মন,লখিমপুৰ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং,বিহপুৰীয়া ৰাজহচক্ৰ বিষয়া দীপ্তি মৰাং,অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ ৰশ্মি ৰেখা শৰ্মা, শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰ সোনোৱাল,লাট গাঁওবুঢ়া নিতুল বৰাকে ধৰি প্ৰশাসনৰ লোক সকলৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পাছত দুয়োখন ৰাজ্যৰ আৰক্ষী দ্বয়ৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নাহৰলগুনলৈ প্ৰেৰণ কৰা হয় ৷

প্ৰনিধান যোগ্য যে, মৃতদেহৰ গাত লাগি থকা বিদ্যালয়ৰ সমসাজৰ বগা চোলাটো তেজেৰে তুমুৰলি হৈ থকা আৰু বাওঁফালৰ চকুৰ পৰা তেজ বৈ থকাৰ লগতে মৃতদেহত থকা আনকেতবোৰ লক্ষণৰ পৰা কোনো নৰাধমে শিশুটিক অপহৰণ কৰি উৰ্পযুপৰি ধৰ্ষণ কৰি হত্যা কৰা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে ৷ লখিমপুৰ জিলা গোৰ্খা ছাত্র সন্থাই দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্ত মূলক শাস্তি দিবলৈ দুয়োখন ৰাজ্যৰ আৰক্ষীক দাবী জনাইছে ৷

অন্যহাতে দিন দুপৰতে বিদ্যালয়ৰ পৰা আহি থকা পথৰ পৰা এটি কণমানিক অপহৰণ কৰি হত্যা কৰা ঘটনাই অঞ্চলটোৰ সচেতন মহলৰ বিবেকক জোকাৰি গৈছে ৷ এই ক্ষেত্রত বিদ্যালয়ৰ কৰ্তৃপক্ষলৈও অভিযোগৰ আঙুলি উঠিছে ৷ পৰিয়ালৰ সূত্রে জানিব পৰা মতে,যোৱা কালি বিদ্যালয়ত বসন্ত ৰোগৰ প্ৰতিৰোধৰ ছিটা দিয়া হব বুলি বিদ্যালয়খনৰ শিক্ষক সকলে কোনো অভিভাৱকক জনোৱা নাছিল ৷

ইফালে কণমানিটি বিদ্যালয়লৈ অকলশৰে আহিছিল আৰু বেজি লৈও অকলশৰেই ঘৰলৈ উভতিছিল ৷ বেজি দিয়াৰ পাছত বিদ্যালয়খনৰ কতৃপক্ষই ছাত্রী গৰাকীক কিয় অকলশৰে পঠাই দিছিল বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ অন্যহাতে উক্ত অঞ্চলটোত আজি কিছু দিনৰ পৰা বৰবিহ স্বৰূপ অৰুণাচলৰ কমদামী মদৰ এক ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠা বুলিও অভিযোগ উঠিছে৷


 

Your Comments