গুৱাহাটী প্ৰেছ ক্লাবত 'কানীন'ৰ ভিডিঅ' গীত মুকলি 

kanin_open

বহু প্ৰত্যাশাৰ অন্তত অহা ২২ মাৰ্চত অসমৰ ছবিঘৰলৈ আহিব মঞ্জুল বৰুৱা পৰিচালিত দ্বিতীয়খন অসমীয়া বোলছবি 'কানীন'। বিশিষ্ট সাহিত্যিক তথা ঔপন্যাসিক ডঃ ৰীতা চৌধুৰীৰ উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে বহু ন-পুৰনি শিল্পীয়ে।আজি গুৱাহাটী প্ৰেছ ক্লাবত কানীনৰ 'শুই থকা আবেগ' শীর্ষক ভিডিঅ' গীততো আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয়। উক্ত গীতটো কথা-সুৰ আৰু কণ্ঠেৰে সজাই তুলিছে কণ্ঠশিল্পী তৰালী শৰ্মাই। সংগীত পৰিচালনাও তৰালী শৰ্মাৰো। 

আজি এই গীতৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে কন্ঠশিল্পী মালবিকা বৰা, ডঃ মাধুৰ্য ঠাকুৰ, ছবিখনৰ অভিনয় শিল্পী বাহাৰুল ইছলাম, ৰমেন চৌধুৰী প্ৰমুখ্যে ছবিখনৰ লগত জড়িত থকা কলা-কুশলীসকল।

আনহাতে আজি এই অনুষ্ঠানতে ছবিখনৰ আন দুটা অডিঅ' গীতো শ্ৰোতাৰ বাবে মুকলি কৰি দিয়া হয়। অনুষ্ঠানত পৰিচালক মঞ্জুল বৰুৱাই কয় যে 'অন্তৰীণ'ৰ পাছত এয়া তেওঁৰ দ্বিতীয় ছবি৷ ২২ মাৰ্চত ছবিঘৰলৈ আহি ছবিখন উপভোগ কৰিবলৈ বৰুৱাই অনুৰোধ জনায়।

Your Comments