তথ্যকোষ

আজিৰ দিনটো কিয় বিশেষ আপুনি বাৰু জানেনে? ১৮৬১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল কাদম্বিনী গাংগুলীৰ ৷ এতিয়া প্ৰশ্ন উদয় হ’ব যে এই কাদম্বিনী গাংগুলীনো কোন? নহয়নে?

কাদম্বিনী গাংগুলী হৈছে প্ৰথম ভাৰতীয় মহিলা চিকিৎসক ৷ তেওঁ আধুনিক চিকিৎসা পদ্ধতিৰ ওপৰত ডিগ্ৰীও লৈছিল ৷ কাদম্বিনীয়েই আছিল ১৮৮৪ চনত কলিকতা মেডিকেল কলেজত নাম ভৰ্তি কৰা প্ৰথম গৰাকী মহিলা ৷ তেওঁ স্কটলেণ্ডত চিকিৎসা বিজ্ঞানৰ প্ৰশিক্ষণো লৈছিল ৷ পিছত ভাৰতবৰ্ষতে তেওঁৰ চিকিৎসা সেৱা আগবঢ়াবলৈ লয় ৷ 

ব্ৰিটিছ ইণ্ডিয়াৰ বেংগল প্ৰেচিডেন্সিৰ ভগলপুৰত জন্ম হোৱা কাদম্বিনীৰ ১৯২৩ চনৰ ৩অক্টোবৰত মৃত্যু হৈছিল ৷