পাকিস্তানৰ সেনা প্ৰধানক আলিংগন কৰি বিতৰ্কৰ তুংগত থকা ভাৰতীয় ৰাজনীতিক,প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যেৎ সিদ্ধুৰ বিৰুদ্ধে আদালতত এক গোচৰ ৰুজো হৈছে ।
বিহাৰৰ আদালতত গোচৰ তৰা ব্যক্তিজন হৈছে সুধুৰ ওজা নামৰ এজন অধিবক্তা ।
স্মৰ্তব্য যে,পাকিস্তানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ গৈছিল সিদ্ধু ।
পঞ্জাৱ চৰকাৰৰ কেবিনেট মন্ত্ৰী সিদ্ধুৱে উক্ত অনুষ্ঠানত পাক সেনা প্ৰধানৰে আলিংগন কৰে ।
অধিবক্তা ওজাৰ অভিযোগ-উক্ত কাণ্ডৰ জড়িয়তে সিদ্ধুৱে ভাৰতীয় সেনা বাহিনীক উপলুঙা কৰিলে । লগতে ভাৰতীয় জনগণক মনোকষ্ট দিলে ।
লক্ষণীয়ভাৱে, মুজাফৰপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গোচৰটো গ্ৰহণ কৰিছে । অহা সপ্তাহত গোচৰটোৰ শুনানি আৰম্ভ হ'ব ।
- Log in to post comments
- 8 views