নৱজ্যোৎ সিদ্ধুৰ মৃত্যুদণ্ড বিচাৰিছে বিজেপিৰ সংখ্যালঘু মৰ্চাই

নৱজ্যোৎ সিদ্ধুৰ মৃত্যুদণ্ড বিচাৰিছে বিজেপিৰ সংখ্যালঘু মৰ্চাই

ক্ৰিকেট বিশ্বৰ দুই বন্ধু ইমৰান খান-নৱজ্যোৎ সিং সিদ্ধু ৷ ইমৰান খানে ক্ৰিকেট এৰি এতিয়া সক্ৰিয়া ৰাজনীতিৰ ইনিংছ আৰম্ভ কৰিছে ৷ দীঘলীয়া সময় একেলগে ক্ৰিকেট খেলা সিদ্ধুৱে নিমন্ত্ৰণ পাইছিল পাকিস্তানৰ প্ৰধান মন্ত্ৰীৰূপে ইমৰান খানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৷

তাতেই বিতৰ্ক আৰম্ভ হ'ল ৷ সিদ্ধু পাকিস্তানলৈ যাব কিয় ? বাজপেয়ীৰ শেষকৃত্য অনুষ্ঠানতকৈ পাকিস্তানৰ প্ৰধান মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানটোক গুৰুত্ব বেছি দিলে কিয় ?

নৱজ্যোৎ সিদ্ধুৰ মৃত্যুদণ্ড বিচাৰিছে বিজেপিৰ সংখ্যালঘু মৰ্চাই

পাক সেনাপ্ৰধান কামাৰ জাহেদ ৰাজোৱাক সিদ্ধুৱে আলিংগ নকৰিলে কিয় ? পাক অধিকৃত কাশ্মীৰৰ ৰাষ্ট্ৰপতি মাছুদ খানৰ কাষত সিদ্ধু বহিলে কিয় ?

এনে প্ৰশ্নসমূহ উত্থাপন কৰি বিজেপি ৰসংখ্যালঘু মৰ্চাৰ নেতা আফতাব আদৱানীয়ে সিদ্ধুক ৰাষ্ট্ৰদ্ৰোহী বুলি অভিযোগ কৰিছে ৷ সিদ্ধুৱে ভাৰতীয়ক পাহৰি গৈছে ৷

নৱজ্যোৎ সিদ্ধুৰ মৃত্যুদণ্ড বিচাৰিছে বিজেপিৰ সংখ্যালঘু মৰ্চাই

এনে ব্যক্তি দেশত থকাৰ কোনো অধিকাৰ নাই বুলি বিজেপিৰ নেতাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে ৷ এনে ৰাষ্ট্ৰদ্ৰোহী ব্যক্তিক মৃত্যুদণ্ড দিয়া উচিত বুলি নিজস্ব ৰায় ঘোষণা কৰে আফতাব আদৱানীয়ে ৷

পাক সেনাপ্ৰধানক আলিংগনৰ প্ৰসংগত সিদ্ধুৱে কয়, 'জেনেৰেলগৰাকী আহি মোক আলিংগন কৰিছে ৷ এতিয়া শান্তিৰ সময় ৷ আমি সকলোৱে শান্তিৰ পক্ষত থিয় হ'ব লাগে ৷

নৱজ্যোৎ সিদ্ধুৰ মৃত্যুদণ্ড বিচাৰিছে বিজেপিৰ সংখ্যালঘু মৰ্চাই

সেইটো মোৰ স্বপ্ন ৷' নৱজ্যোৎ সিদ্ধুৰ ওপৰত অসন্তুষ্ট জম্মু-কাশ্মীৰৰ কংগ্ৰেছ নেতা গোলাম আহমেদ মীৰ ৷ মীৰৰ অভিযোগ, সিদ্ধু এজন দায়িত্বশীল ৰাজনৈতিক নেতা, পঞ্জাব চৰাকাৰৰ মন্ত্ৰী ৷

সিদ্ধুৱে পাক অধিকৃত কাশ্মীৰৰ ৰাষ্ট্ৰপতি মাছুদ খানৰ কাষত আসন গ্ৰহণ কৰা উচিত নাছিল ৷

Your Comments