সন্ত্ৰাসবাদী সংগঠনক বিত্তীয় সাহায্য প্ৰদান কৰাৰ ফল ভুগিব পাকিস্তানে:অন্তৰ্ভুক্ত হ'ব 'ডাৰ্ক গ্ৰে' তালিকাত

Imran

শীঘ্ৰেই পাকিস্তান ফাইনেন্সিয়েল এক্সন টাস্ক ফ'ৰ্চ(এফএটিএফ)ৰ কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ'ব।সন্ত্ৰাসবাদী সংগঠনক কোনো দেশে বিত্তীয় সাহায্য  প্ৰদান কৰাৰ দিশটোত নজৰ ৰাখে এফএটিএফে।পাকিস্তানে নিৰন্তৰে সন্ত্ৰাসবাদী সংগঠনক বিত্তীয় সাহায্য প্ৰদান কৰি অহাৰ বাবে উক্ত আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৱে পাকিস্তানৰ বিৰুদ্ধে সময়ে সময়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি পেৰিচত এফএটিএফৰ বৈঠকত পাকিস্তানক 'ডাৰ্ক গ্ৰে' তালিকাত ৰখা হ'ব পাৰে।ডাৰ্ক গ্ৰে স্তৰটো হৈছে 'ব্লেক লিষ্ট' হোৱাৰ আগৰ স্তৰটো।ডাৰ্ক গ্ৰে তালিকাত ৰাখি এফএটিএফে পাকিস্তানক অন্তিম সতৰ্ক বাণী দিব।ইয়াৰ পিছতো পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনসমূহক আৰ্থিক সাহায্য প্ৰদান কৰাটো বন্ধ নকৰিলে,পাকিস্তানক ব্লেক লিষ্ট কৰা হ'ব।

উল্লেখ্য যে ডাৰ্ক গ্ৰে তালিকাত পাকিস্তান অন্তৰ্ভুক্ত হ'লে দেশখনে বিশ্ব বেংক,আইএমএফ,ইউৰোপিয়ান ইউনিয়নৰ পৰা বিত্তীয় সাহায্য পোৱাটো যথেষ্ট কঠিন হৈ পৰিব।ব্লেক লিষ্ট কৰা যদি হয়,পাকিস্তানে কোনো আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় সংস্থাৰ পৰা সাহায্য পোৱাটো অসম্ভৱ হৈ পৰিব।এফএটিএফে অহা ১৮ অক্টোবৰত পাকিস্তান সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

Your Comments