কাশ্মীৰ প্ৰসংগত ভাৰতক পূৰ্ণ সমৰ্থন আৰবীয় ৰাষ্ট্ৰ ছিৰিয়াৰ

Syria

কাশ্মীৰ প্ৰসংগত ভাৰতক সমৰ্থন জনাইছে ছিৰিয়াই।ভাৰতস্থিত ছিৰিয়াৰ ৰাষ্ট্ৰদূত ৰিয়াজ কামিল আব্বাছে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱা প্ৰসংগত কয় যে যিকোনো দেশৰ চৰকাৰৰ  নিজৰ ভূখণ্ডৰ ভিতৰত নিজৰ জনতাৰ সুৰক্ষাৰ বাবে যিকোনো পদক্ষেপ গ্ৰহণ কৰাৰ অধিকাৰ আছে।আমি যিকোনো পদক্ষেপ গ্রহণৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থনত আছোঁ।উল্লেখ্য যে উত্তৰ-পূব ছিৰিয়াত তুৰ্কীৰ সেনাই কুৰ্ড গোটৰ ওপৰত আক্ৰমণ কৰাৰ বিষয়টোত ছিৰিয়াক ভাৰতে সমৰ্থন জনাইছে। এই আক্ৰমণে সন্ত্ৰাসবাদবিৰোধী যুঁজখনক দুৰ্বল কৰিব পাৰে বুলি উল্লেখ কৰিছে ভাৰতে।ইফালে,তুৰ্কীৰ ছিৰিয়াত আক্ৰমণৰ পদক্ষেপটোৰ সমৰ্থন কৰিছে পাকিস্তানে।

Your Comments