মহাৱলীপুৰমৰ সমুদ্ৰতীৰত চাফাই অভিযান চলাই দেশবাসীক স্বচ্ছতাৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

মোডী

তামিলনাডুৰ মহাৱলীপুৰমৰ সমুদ্ৰতীৰত অকলেই চাফাই অভিযান চলালে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ইয়াৰ জড়িয়তে প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ ৰাজহুৱা স্থান পৰিষ্কাৰ কৰি ৰখাৰ বাৰ্তা প্ৰেৰণ কৰিলে।মহাৱলীপুৰমৰ সমুদ্ৰতীৰত শনিবাৰে প্ৰাত:ভ্ৰমণ কৰোঁতে সাগৰ পাৰত পৰি থকা প্লাষ্টিকৰ বটল আদি বুটলি এটা মোনাত ভৰাই মোডীয়ে।তাৰ পিছত সেই মোনাতো তেওঁ থকা হোটেলৰ এজন কৰ্মচাৰীক অৰ্পণ কৰে।

Modi

আধা ঘন্টাৰ এই চাফাই অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই টুইটাৰত অৱগত কৰে আৰু চাফাই কামৰ এটা ভিডিঅ'ও আপলোড কৰে।উল্লেখ্য যে মহাৱলীপুৰমত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Your Comments