ছত্তীশগড়ত নক্সালবিৰোধী ব্যাপক অভিযানৰ প্ৰস্তুতি

ছত্তীশগড়ত নক্সাল বিৰোধী ব্যাপক অভিযানৰ প্ৰস্তুতি

ছত্তীশগড়ৰ বস্তাৰ অঞ্চলত মাওবাদী তথা নক্সালপন্থীসকলক সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ লক্ষ্যৰে এক বৃহৎ আৰু ভয়ংকৰ অভিযানৰ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে ৷

ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গত নক্সালপন্থী দমনৰ বাবে মোতায়েন কৰা চি আৰ পি এফৰ সাতটা বেটেলিয়নৰ সাত হেজাৰ জোৱানক সেইবোৰ ৰাজ্যৰ পৰা প্ৰত্যাহাৰ কৰি ছত্তীশগড়ৰ ৭০০০ জোৱানক সেইবোৰ ৰাজ্যৰ ৰা প্ৰত্যাহাৰ কৰি ছত্তীশগড়ত মোতায়েন কৰাৰ নিৰ্দেশ দিছে

ছত্তীশগড়ত নক্সাল বিৰোধী ব্যাপক অভিযানৰ প্ৰস্তুতি

 চলিত মা্হৰ প্ৰথম সপ্তাহত গৃহ মন্ত্ৰণালয়ে এই নিৰ্দেশ জাৰি কৰে বুলি কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জনায় ৷
উল্লেখ্য যে ছত্তীশগড়ৰ বস্তাৰ অঞ্চলেই হৈছে এতিয়া মাওবাদীসকলৰ সৰ্ববৃহৎ আৰু সবাতোকৈ শক্তিশালী ঘাটি ৷

এই বস্তাৰ অঞ্চলৰ ঘাটিক আশ্ৰয় কৰিয়েই নক্সালপন্থীসকলে সীমান্তবৰ্তী ৰাজ্য ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত শক্তি বৃদ্ধি কৰিছে আৰু সেইবোৰ ৰাজ্যৰ প্ৰশাসনৰ নিদ্ৰা হৰিছে ৷

ছত্তীশগড়ত নক্সাল বিৰোধী ব্যাপক অভিযানৰ প্ৰস্তুতি

ছত্তীশগড়ৰ কেবল বস্তাৰ অঞ্চলেই নহয়, ছুকমা, দান্তেৱাড়া, বিজাপুৰ, কাংকেৰ আৰু কোস্তাগাঁও সম্পূৰ্ণভাৱেই মাওবাদী গেৰিলা বাহিনীৰ নিয়ন্ত্ৰণত ৷

সেইবোৰ জিলাত চৰকাৰী প্ৰশাসন বুলিবলৈ কাৰ্যত একোৱেই নাই ৷ তদুপৰি, সীমান্তৱৰ্তী ৰাজ্য ওড়িশাৰ অৰণ্য এলেকা আৰু মহাৰাষ্ট্ৰৰ গড়চিৰোলিত মাওবাদীসকলৰ সমান্তৰাল প্ৰশাসন চলি আছে ৷

ছত্তীশগড়ত নক্সাল বিৰোধী ব্যাপক অভিযানৰ প্ৰস্তুতি

এই সমগ্ৰ অঞ্চলত মাওবাদী ঘাটিবোৰ নিশ্চিহ্ন কৰাৰ লক্ষ্যৰে যোৱা বছৰৰ পৰাই কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি চলাই আছে যদিও বিশেষ সফল হ’ব পৰা নাই ৷

ছত্তীশগড়ৰ ছুকমা, দান্তেৱাড়া, বিজাপুৰ, কাংকেৰ আৰু কোন্তাগাঁও জিলাত মাওবাদী কাৰ্যকলাপ দমন কৰিবলৈ চি আৰ পি এফৰ বাহিনীয়ে সেইবোৰ জিলাৰ ভিতৰুৱা এলেকাত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আছে ৷

ভিতৰুৱা কিছু কিছু এলেকাত চি আৰ পি এফৰ কেম্পো স্থাপন কৰা হৈছে ৷ কিন্তু তথাপি এই অৰ্ধসামৰিক বাহিনীয়ে মাওবাদীসকলক দমন কৰিবলৈ ব্যৰ্থ হৈছে ৷

ছত্তীশগড়ত নক্সাল বিৰোধী ব্যাপক অভিযানৰ প্ৰস্তুতি

সেয়ে এইবাৰ সৰ্বাত্মক অভিযানৰ লক্ষ্যেৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চাৰিখন ৰাজ্যৰ পৰা চি আৰ পি এফৰ সাতটা বেটেলিয়নক প্ৰত্যাহাৰ কৰি ছত্তীশগড়ৰ বস্তাৰ এলেকাত মোতায়ন কৰাৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে চি আৰ পি এফৰ মুঠ ৩ লাখ জোৱানৰ ভিতৰত ৩০ হেজাৰ জোৱানক অৰ্থাৎ ৩০টা বেটেলিয়নক মাওবাদী বিদ্ৰোহীক দমনৰ বাবে কেবল ছত্তীশগড়তে নিয়োজিত কৰা হৈছে ৷
 

Your Comments