ক্ৰিকেট কিম্বদন্তী ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰিলে অধিনায়ক বিৰাট কোহলিয়ে

Kohli

ক্ৰিকেট কিম্বদন্তী ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতৰ প্ৰথম ইনিংছত কোহলিয়ে ১৫০ ৰাণ অতিক্ৰম কৰাৰ লগে লগে পৰিগণিত হ'ল টেষ্টত সৰ্বাধিকবাৰ ১৫০ ৰাণৰ উৰ্ধত ৰাণ কৰা অধিনায়ক হিচাপে।কোহলিয়ে বৰ্তমানলৈ ৯ বাৰ অধিনায়ক হৈ থাকি ১৫০ ৰাণতকৈ উৰ্ধত ৰাণ কৰিছে।ছাৰ ডোনাল্ড ব্ৰেডমেনে অধিনায়ক হিচাপে ৮ বাৰ ১৫০ ৰাণতকৈ অধিক ৰাণ কৰিছিল।আনহাতে,উক্ত ইনিংছত ২৫৪ ৰাণত অপৰাজিত হৈ থকা কোহলিয়ে টেষ্টত সৰ্বাধিক ডবল ছেন্ছুৰী কৰা ভাৰতীয় খেলুৱৈ হোৱাৰ অনবদ্য অভিলেখ গঢ়ে।বৰ্তমানলৈ ৭ টা ডবল ছেন্ছুৰী কৰা বিৰাট কোহলিয়ে এই ক্ষেত্ৰত শচীন তেণ্ডুলকাৰ আৰু বীৰেন্দ্ৰ ছেহৱাগৰ অভিলেখ ভংগ কৰে।

Your Comments