সদৌ অৰুণাচল প্ৰদেশ ছাত্র সন্থাই আৰম্ভ কৰিছে 'অপাৰেচন ক্লিন' । আপছুৰ অভিযোগ, অৰুণাচলত ২০ হাজাৰ অবৈধ বাংলাদেশী শ্ৰমিক আৰু ব্যৱসায়ী আছে ।
ইতিমধ্যে আপছুৱে অভিযান আৰম্ভ কৰাৰ লগে লগে সন্দেহজনক লোকসকলে সেই স্থান এৰি অন্য স্হানলৈ আঁতৰি গৈছে । অৱশ্যে আপছুৱে হেজাৰৰোধিক অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি আৰক্ষীক গতাই দিয়ে ।
অৱশেষত আৰক্ষীয়ে এই অভিযানৰ তদাৰক কৰিবলৈ বাধ্য হয় ।
গুৰুত্বপূৰ্ণ বিষয়টো হ'ল, ইটানগৰৰ বিভিন্ন অঞ্চলত আটক কৰা অবৈধ নাগৰিকসকলক অৰুণাচল আৰক্ষীয়ে অসমৰ সীমান্তত এৰি থৈ যায় ।
আটক কৰা লোকসকলে বাংলা ভাষাৰ বাহিৰে একো ভাষা ক'ব নোৱাৰে । ছাত্রসকলে আৰম্ভণি কৰা অভিযানৰ লগে লগে আৰক্ষীয়ে দায়িত্ব ল'বলৈ বাধ্য হোৱাত অবৈধ অনুপ্ৰৱেশকাৰীয়ে নিজেই অৰুণাচল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে ।
অভিযোগ মতে, ঠিকাদাৰসকলে কাম কৰিবলৈ নি অৰুণাচলতে থকাৰ ব্যৱস্থা কৰি দিয়ে । পাৰপত্ৰ ব্যৱস্থা থকাৰ পিছতো আৰক্ষীৰ সহযোগত বিদেশী নাগৰিকৰ প্ৰৱেশ ঘটিছে অৰুণাচলত ।
এতিয়া এইসকল অসমৰ আলহী হ'বহি ।
- Log in to post comments
- 9 views