ৰাষ্ট্ৰীয় নেতৃত্বই অসম কংগ্ৰেছৰ সভাপতি পদ অন্যক দিলে দলৰ সৈনিক হিচাপে কাম কৰি যাব ৰিপুণ বৰাই

Pic

'ৰাষ্ট্ৰীয় নেতৃত্বই যদি কাইলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বেলেগক দিয়ে,মই তেতিয়া কংগ্ৰেছৰ সৈনিক হিচাপে কাম কৰি যাম'।এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। যোৱা লোকসভাৰ নিৰ্বাচনত চৰম বিপৰ্যয়ৰ পিছত অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ চাৰিটা বিধানসভাৰ সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ দলে সাহসেৰে যুঁজ দিব বুলি ঘোষণা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।দেওবাৰ মহানগৰীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱনত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীৰ মাহজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত 'মহিলা সৱলীকৰণত ৰাজীৱ গান্ধীৰ ভূমিকা' শীর্ষক এখন আলোচনাচক্ৰত সভাপতিৰ দায়িত্ব পালন কৰি এনেদৰে মতপ্ৰকাশ কৰে ৰিপুণ বৰাই।   

বৰাই পুনৰ কয়-'যোৱা চাৰিমাহৰ পূৰ্বে দেশৰ লোকসভাৰ নিৰ্বাচনত আমি বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ সেয়া ঠিক,কিন্তু উপনিৰ্বাচনত আমি সাহসেৰে যুঁজ দিয়াৰ বাবে সাজু হৈছোঁ।' আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপনিৰ্বাচন হ'ব লগা চাৰিটা সমষ্টিয়ে বিজেপিয়ে দখল কৰিব বুলি কৰা মন্তব্য প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয়-'কোনো ৰাজনৈতিক দলেই পৰাজিত হ'ম বুলি কেতিয়াও নকয়।আটাইকেইখন আসন পাম বুলি বিজেপিয়ে কোৱাৰ দৰে কংগ্ৰেছে দলেও ক'ব,কিন্তু এই কথাটো ৰাইজেহে নিৰ্ধাৰণ কৰিব।'লগতে তেওঁ কয়-'কেন্দ্ৰতো  বিজেপি,ৰাজ্যতো বিজেপি চৰকাৰ-সেই অনুসৰি ধনবল বাহুবল প্ৰচুৰ পৰিমাণে বিজেপিৰ লগত আছে। কিন্তু তাৰ মাজতো কংগ্ৰেছে যুঁজ দিব,সেইটো সঁচা কথা।'

Uu

উল্লেখ্য যে অসম মহিলা কংগ্ৰেছ কমিটীয়ে 'মহিলা সৱলীকৰণত ৰাজীৱ গান্ধীৰ ভূমিকা'শীর্ষক আলোচনা চক্ৰখনত মুখ্যবক্তা হিচাপে উপস্থিত থাকে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা ড: মনোৰমা শৰ্মা।লগতে,অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নেতৃত্ব উপস্থিত থাকে।

Your Comments