পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ কুখ্যাত গুপ্তচৰ সংস্থা কেজিবিৰ এজেণ্ট হিচাপেই ভাৰতলৈ আহিছিল কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ৷ এই বিস্ফোৰক আৰু চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন মুৰব্বী মলয়কৃষ্ণ ধৰে ৷
চোৰাংচোৱা ব্যুৰোৰ এই প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীয়ে লিখা ‘অ’পেন ছিক্ৰেটছ’ নামৰ এখন গ্ৰন্থত ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া সম্পৰ্কে বহু বিস্ফোৰক তথ্য সদৰী কৰিছে ৷
ছোনিয়াক কেজিবিৰ এজেণ্ট বুলি উল্লেখ কৰি ধৰে কৈছে, ক’ত জন্মগ্ৰহণ কৰিছে, কোন শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰিছে- সকলো বিষয়তে ছোনিয়া গান্ধীয়ে মিছা কথা কৈছে ৷
মলয়কৃষ্ণ ধৰে তেওঁৰ কিতাপখনত উল্লেখ কৰিছে- যিখন কলেজত ছোনিয়াই অধ্যয়ন কৰা বুলি জনোৱা হৈছে, সেইখন কলেজত ছোনিয়াৰ নাম এনৰ’লমেণ্টেই হোৱা নাছিল ৷
কিতাপখনত ধৰে লিখিছে- ছোনিয়াক এজেণ্ট হিচাপে তদানীন্তন ছোভিয়েট ইউনিয়নৰ গুপ্তচৰ সংস্থা কেজিবিয়ে ভাৰতলৈ প্ৰেৰণ কৰিছিল ৷
সেই সময়ত ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ কমেও চাৰিগৰাকী মন্ত্ৰী আৰু ২৪জন সাংসদে কেজিবিৰ হৈ গুপ্তচৰ বৃত্তি কৰিছিল বুলিও ধৰে তেওঁৰ কিতাপত উল্লেখ কৰিছে ৷
কিতাপখনত উল্লেখ কৰা হৈছে, ১৯৮৫ চনত কেজিবিয়ে ছুইচ বেংকত নাবালক ৰাহুল গান্ধীৰ নামত খোলা একাউণ্টত ৯৪০০ কোটি টকা জমা কৰিছিল ৷
এই একাউণ্ট ৰাহুলৰ মাতৃ ছোনিয়া গান্ধীয়ে নিজে চোৱাচিতা কৰিছিল ৷ এই সম্পর্কীয় বাতৰি বহু বছৰ পূৰ্বে ‘ছুইজাৰ ইলাষ্ট্ৰিয়েৰ্টে’ নামৰ এখন ছুইচ আলোচনীত প্ৰকাশিত হৈছিল ৷
কিতাপখনত ধৰে উল্লেখ কৰিছে, ছুইচ বেংকৰ উক্ত একাউণ্টত ৰাছিয়াই নিয়মিত ধন জমা কৰিছিল ৷ এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতাৰ পত্নীক ৰাছিয়াই কিয় ইমান পৰিমাণৰ ধন আদায় দি গৈছিল তাৰ কোনো সদুত্তৰ আজিলৈকে পোৱা হোৱা নাই ৷
ধৰে তেওঁৰ কিতাপখনত এই বুলিও আশংকা প্ৰকাশ কৰিছে যে ছোনিয়া গান্ধী যদি কেতিয়াবা প্ৰধান মন্ত্ৰী হয় তেনেহ’লে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ আৰু প্ৰতিৰক্ষা গৱেষণা সংস্থা ডি আৰ ডি অ’ৰ কামকাজৰ সকলো তথ্য কেজিবিৰ হাতলৈ গুচি যাব ৷
ছোনিয়া গান্ধীয়ে যে কেজিবিৰ গুপ্তচৰ হিচাপে কাম কৰি আহিছে তাৰ বহু প্ৰমাণ মলয়কৃষ্ণ ধৰে তেওঁৰ কিতাপখনত উল্লেখ কৰিছে ৷
ইন্দিৰা গান্ধীৰ কনিষ্ঠ পুত্ৰ সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যুৰ ঘটনাতো ছোভিয়েট ইউনিয়নৰ হাত থকা বুলি সন্দেহ কৰা হৈছে ৷ ৰাজীৱ গান্ধী যাতে ভাৰতৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰী হ’ব পাৰে তাৰবাবেই সঞ্জয় গান্ধীক এই ধৰণে আঁতৰোৱা হৈছিল ৷
পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধীক শ্ৰীলংকাৰ তামিল বিদ্ৰোহী এল টি টি ইৰ আত্মঘাতী গেৰিলাই বোমা বিস্ফোৰণ ঘটাই হত্যা কৰে ৷ বহু তথ্য-প্ৰমাণ উল্লেখ কৰি চোৰাংচোৱা ব্যুৰোৰ বিষয়াগৰাকীয়ে তেওঁৰ কিতাপখনত কৈছে, ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত ছোনিয়া
গান্ধীৰ নেতৃত্বৰ পথ নিষ্কণ্টক কৰিবলৈ ৰুছ গুপ্তচৰ সংস্থা কেজিবিয়ে কংগ্ৰেছৰ প্ৰভাৱশালী কেইবাগৰাকীও নেতাক চিৰদিনৰ বাবেই আঁতৰাই দিয়ে ৷
কেইবাগৰাকীও নেতাক পৰিকল্পিত দুৰ্ঘটনাৰ জৰিয়তে হত্যা কৰা হয় ৷ এক দেওবাৰে বিমান দুৰ্ঘটনাত মৃত্যু হয় প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰাজেশ পাইলটৰ ৷
আন এক দেওবাৰে হঠাতে মস্তিস্কৰ ৰক্তক্ষৰণত মৃত্যু হয় কংগ্ৰেছ নেতা জিতেন্দ্ৰ প্ৰসাদৰ ৷ আনহাতে, কংগ্ৰেছৰ আন এগৰাকী প্ৰভাৱশালী মন্ত্ৰী মাধৱৰাও সিন্ধিয়াও এক দেওবাৰে বিমান দুৰ্ঘটনাত নিহত হয় ৷
কংগ্ৰেছ নেতা তথা সঞ্জয় গান্ধীৰ এসময়ৰ অতি ঘনিষ্ঠ কমল নাথো এক বিমান দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে ৷ এই আটাইবোৰ মৃত্যু ৰহস্যজনক ৷
১৯৬৫ চনত তদান্তীন প্ৰধান মন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ তাছখন্দত ৰহস্যজনক মৃত্যুতো কেজিবিৰ হাত থকা বুলি সন্দেহ কৰা হয় ৷
- Log in to post comments
- 61 views