প্ৰলয়ংকৰী বানত বিধ্বস্ত কেৰালালৈ ৫০০ কোটি টকাৰ অতিৰিক্ত সাহায্য ঘোষণা কৰিছে প্ৰধান মন্ত্ৰীয়ে ৷ ভয়াৱহ বানৰ কবলত পৰা ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল'বলৈ কালি প্ৰধান মন্ত্ৰী ৰাজ্যখনত উপস্থিত হৈছিলগৈ ৷
আজি পুৱা প্ৰধান মন্ত্ৰীগৰাকীয়ে আকাশমাৰ্গেৰে কেৰালাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ এই পৰিদৰ্শনকালত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সংগ দিয়ে কেৰালাৰ মুখ্য মন্ত্ৰী পি বিজয়েনে ৷
আজি এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷ বৈঠকৰ পিছতে প্ৰধান মন্ত্ৰীয়ে বানবিধ্বস্ত ৰাজ্যখনলৈ ৫০০ কোটি টকাৰ জৰুৰীকালীন পুঁজি যোগানৰ কথা ঘোষণা কৰে ৷
লগতে বানত মৃত্যু হোৱাসকলৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে ৷ এই সাহায্য প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা যোগান ধৰা হ'ব ৷
ইপিনে, কেৰালাৰ মুখ্য মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰীক জনায় যে এইবাৰৰ বানত ৰাজ্যখনৰ ক্ষতিৰ পৰিমাণ হ'ব ১৯ হাজাৰ কোটি টকাৰো অধিক ৷ উল্লেখ্য, কেৰালাত এইবাৰৰ বানত ইতিমধ্যে তিনি শতাধিক লোকৰ মৃত্যু হৈছে ৷
- Log in to post comments
- 7 views