ইমৰানৰ খানে আজি আৰম্ভ কৰিলে এক নতুন ইনিংছ ৷ অৱশ্যে ক্ৰিকেটৰ খেলপথাৰত নহয়, ৰাজনীতিৰ পথাৰতহে এই নতুন ইনিংছৰ শুভাৰম্ভণি ঘটাইছে ইমৰান খানে ৷
প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তান দলৰ অধিনায়ক আৰু এসময়ৰ বিশ্বত্ৰাস পেচ বলাৰগৰাকীৰ পাকিস্তানৰ ২২সংখ্যক প্ৰধান মন্ত্ৰী হিচাপে এই নতুন ইনিংছৰ আৰম্ভণি ৷
পাকিস্তানী জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালী সলনি কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতম দৃষ্টিভংগী গ্ৰহণৰ প্ৰতিশ্ৰুতিৰে ইমৰান খানে আজি দেশখনৰ প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷
'যিসকল ব্যক্তিয়ে দেশখনক লুটি আছে, মই প্ৰতিজ্ঞা কৰিছোঁ তেওঁলোকক বিচাৰৰ কাঠগড়াত থিয় কৰোৱা হ'ব ৷' -শপত গ্ৰহণৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে ইমৰান খানে দেশবাসীক উদ্দেশ্যি এনেদৰে কয় ৷
দেশৰ প্ৰধান মন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ ইমৰান খানে শপত গ্ৰহণ অনুষ্ঠানত পৰম্পৰাগত ক'লা শ্বেৰৱানি পিন্ধি অংশগ্ৰহণ কৰে ৷
ইমৰান খানৰ শপত গ্ৰহণৰ বাবে আয়োজন কৰা আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত তেওঁক শপত বাক্য পাঠ কৰায় পাকিস্তানৰ ৰাষ্ট্ৰপতি মামনুন হুছেইনে ৷
উল্লেখ্য যে ইমৰান খানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁৰ এসময়ৰ ক্ৰিকেট বন্ধু ভাৰতৰ নৱজ্যোৎ সিং সিদ্ধু, সুনীল গাভাস্কাৰ আৰু কপিল দেৱক আমন্ত্ৰণ জনাইছিল ৷ অৱশ্যে অনুষ্ঠানটোত কেৱল সিদ্ধুহে উপস্থিত থাকে ৷
যোৱা মাহত অনুষ্ঠিত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ (পি টি আই)-এ একক বৃহৎ দল হিচাপে পৰিগণিত হৈছিল যদিও সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হৈছিল ৷
কিন্তু শুকুৰবাৰে আন কেইটামান সৰু দলৰ সমৰ্থনত সংসদত আস্থাৰ ভোটত জয়ী হৈ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিছিল আৰু দলটোৱে দেশ শাসনৰ সুবিধা পোৱাৰ লগতে ইমৰান খানৰ প্ৰধান মন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈছিল ৷
উল্লেখ্য যে পাকিস্তান সংসদত সংখ্যাগৰিষ্ঠতাৰ মেজিক নম্বৰ হ'ল ১৭২ আৰু ইমৰান খানৰ দলে লাভ কৰে ১৭৬ ৷
- Log in to post comments
- 21 views