অসমকে ধৰি দেশৰ ৭খন ৰাজ্যত যোৱা ১০ দিন ধৰি প্ৰলয়ংকৰী বানপানী, ধাৰাষাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত এহেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে ৷
এই বানপানী আৰু বৰষুণ কমেও এমাহ ধৰি অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বি়জ্ঞন বিভাগে সতৰ্ক কৰি দিছে ৷ ফলত মৃত্যুৰ সংখ্যা আৰু অধিক হ'বগৈ বুলি আশংকা কৰা হৈছে ৷
বান পৰিস্থিতি সবাতোকৈ ভয়াৱহ হৈ পৰিছে কেৰালাত ৷ যোৱা ১০ দিনত কেৱল কেৰালাতেই ৩২৪জন লোকৰ মৃত্যু হৈছে ৷ কেৰালাৰ বিজয়ন চৰকাৰে জনোৱা মতে, ৰাজ্যখনৰ ১৪খন জিলাৰ কমেও ২৪০৬খন গাঁও এতিয়াও প্লাৱিত হৈ আছে ৷
ভয়াৱহ এই বানৰ ফলত কেৰালাৰ ২৬,৪০০ হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য বিনষ্ট হৈছে ৷ গৃহহীন হৈছে ২ লাখৰো অধিক লোক ৷ মুখ্য মন্ত্ৰী পিনাৰাই বিজয়নে জনোৱা মতে, বিগত ১০০ বছৰৰ ভিতৰত এনেকুৱা ভয়ংকৰ বানপানী ৰাজ্যখনত হোৱা নাছিল ৷
অসমত প্ৰবল বৰষুণ আৰু বানপানীত চলিত বছৰত এতিয়ালৈকে ৪৫জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে, নাগালেণ্ডত ১০জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
উত্তৰ প্ৰদেশত বৰষুণ, বানপানী আৰু বজ্ৰপাতৰ ফলত ১৭১জন লোকৰ মৃত্যুৰ বিপৰীতে পশ্চিমবংগত ১৭০জন মহাৰাষ্ট্ৰত ১৩৯জন, গুজৰাটত ৫২জন লোকে প্ৰাণ হেৰুৱাইছে ৷
প্ৰবল বৰষুণ আৰু বানৰ ফলত কেৰালত ২২জন আৰু পশ্চিমবংগত ৫জন লোক এতিয়াও সন্ধানহীন হৈ আছে ৷
বিভিন্ন ৰাজ্যত বানপীড়িত লোকক উদ্ধাৰৰ বাবে সেনাবাহিনীক মোতায়েন কৰা হৈছে ৷
এখন এডভান্সড লাইট হেলিকপ্টাৰ, দুখন এম-১৭ ছ'পাৰ আৰু ৪খন এ এন-৩২ বিমানেৰে উদ্ধাৰকাৰ্য চলাই থকা হৈছে ৷
- Log in to post comments
- 12 views