বঙাইগাঁওঃ
বিটিএডিৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশীৰ কবলত বুলি যোৱা বৃহস্পতিবাৰে হেৰিটেজ ফাউণ্ডেছন নামৰ সংগঠনটোৱে কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধৰ্মীয় সংখ্যালঘু পৰিষদে । শনিবাৰে বিয়লি ২ বজাত চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিৰ সভাপতি জিয়াৰ ৰহমান মোল্লা আৰু সাধাৰণ সম্পাদক আব্দুছ ছাত্তাৰ আহমেদে কয় যে বিটিচি চুক্তিত থকা সকলো জাতি -জনগোষ্ঠীৰ সম-অধিকাৰ আৰু সম মৰ্যদাৰ কথা সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি চিটিচি চৰকাৰে এই অঞ্চলত যুগ যুগ ধৰি বসৱাস কৰি অহা লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিছে । চিৰাং জিলাৰ বিলাসপুৰ,বান্ধুগুৰীকে ধৰি বিটিএডিৰ বহুসংখ্যক গাঁৱৰ অনাবড়ো লোকৰ ভূমিৰ কিনা বেচা তথা হস্তান্তৰ প্ৰক্ৰিয়া অন্যায়ভাৱে বিটিচি প্ৰশাসনে বন্ধ ৰাখিছে । বিটিচিৰ শাসনাধীন বিপিএফৰ সহযোগী বুলি পৰিচিত ধৰ্মীয় সংখ্যালঘু পৰিষদে সংবাদমেলত বিটিএডিত বসৱাসকাৰী পট্টাধাৰী সংখালঘু লোকসকলৰ মাটিৰ কিনা বেচাৰ কাম বন্ধ ৰখাৰ তথ্য দাঙি ধৰি কয় যে স্বাধীনোত্তৰ কালৰে পৰা চিৰাং জিলা সদৰ কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী বিলাসপুৰ গাঁৱত বসবাসকাৰী মফুজুদ্দিন সেখ নামৰ লোকজনে নিজৰ কন্যা আবিৰণ খাতুনক পিতৃয়ে দান কৰা ভূমি নিজৰ নামত নামজাৰি কৰাতো বাধা প্ৰদান কৰিছে বিটিচি প্ৰশাসনে । লগতে নিজৰ আৰ্থিক প্ৰয়োজনত ইতিমধ্যে মফুজুদ্দিনে ছাতিপুৰ গাঁৱৰ নুৰ ইছলাম সেখ , আজাজুল হ'কক কিছু মাটি বিক্ৰী কৰিছে যদিও লোক দুজনে প্ৰয়োজনীয় পৰ্যাপ্ত নথি বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰাৰ পিছতো সংখালঘু লোকৰ ভূমি নামজাৰি নহ'ব বুলি অনুজ্ঞাৰ আবেদন নাকচ কৰিছে । এয়া মাত্ৰ এটা উদাহৰণহে । এনেদৰে বিটিএডি অঞ্চলৰ চাৰিওখন জিলাৰে সংখ্যালঘু লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে । অতিশীঘ্ৰে এই সন্দৰ্ভত পৰ্যাপ্ত ব্যাবস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে পৰিষদে । লগতে পৰিষদে বিটিএডিত বসৱাসকাৰী ভূমিহীন লোকসকলক অতিশীঘ্ৰে মাটিৰ পট্টা প্ৰদানৰ দাবী জনায় । ইপিনে হেৰিটেজ ফাউণ্ডেছনৰ মন্তব্যক একমুখে খণ্ডন কৰি পৰিষদৰ নেতৃত্বই কয় যে খোদ বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত অবৈধ বিদেশী নাগৰিক নাই বুলি কৈ আহিছে । তেনেস্থলত কি তথ্যৰ ভিত্তিত এনেদৰে মন্তব্য কৰিছে সেয়া প্ৰমাণ কৰিবলৈ দাবী উত্থাপন কৰে । পাৱত গঁজা এই সংগঠনৰ এনে মন্তব্যৰ কোনো যুক্তি নাই । এয়া সম্পূৰ্ণৰূপে ভিত্তিহীন , মনেসজা আৰু উদ্দেশ্য প্ৰণোদিত । এনে মন্তব্যক পৰিষদে তীব্ৰ নিন্দা কৰাৰ লগতে ধিক্কাৰ দিয়ে । লগতে বিটিচিৰ শান্তি প্ৰতিষ্ঠাৰ বাবে এনে সংগঠন বোৰক অতিশীঘ্ৰে নাকী লগাবলৈ বিটিচি চীফ হাগ্ৰামাক আহ্বান জনায় ।
- Log in to post comments
- 11 views