২০ ছেপ্টেম্বৰত আক্ৰাছুৰ ১২ ঘন্টীয়া সৰ্বাত্মক অসম তথা কমতাপুৰ বন্ধৰ আহ্বান

bgn

বঙাইগাঁওঃ

চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক কেতিয়াও বিদেশী সজাব নোৱাৰে ৷ কাৰণ কোচ ৰাজবংশী জনগোষ্ঠীটো ঐতিহাসিকভাৱেই ইয়াৰে ভূমিপুত্ৰ হয় ৷ সেয়ে কোচ ৰাজবংশীসকল কেতিয়াও বিদেশী হ'ব নোৱাৰে ৷ এই মন্তব্য সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৷ শনিবাৰে সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত শেহতীয়াভাৱে এন আৰ চিৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰাত ক্ষোভ প্ৰকাশ কৰি আক্ৰাছুৰ নেতৃত্বই এইদৰে কয় ৷ সংবাদ মেলত আক্ৰাছুৰ উপ সভাপতি ক্ষীতিশ বৰ্মণে কয় যে শুকুৰবাৰে সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আক্ৰাছু , সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই সভাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে কমতাপুৰ ৰাজ্য গঠন, জনজাতিকৰণ আৰু ভূমিপুত্ৰ কোচ ৰাজবংশীসকলোক বিনাচৰ্তে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতি দি এতিয়া চৰমভাৱে প্ৰতাৰণা কৰা বিষয়টো গভীৰভাৱে আলোচনা কৰা হয় ৷ বিশেষকৈ শেহতীয়াভাৱে এন আৰ চিত কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহৎ সংখ্যক লোকৰ নাম বাদ পৰা বিষয়টো সভাই গভীৰভাৱে আলোচনা কৰে আৰু জনগোষ্ঠীটোৰ যিসকল লোকৰ নাম বাদ পৰিছে তেওঁলোকৰ নামসমূহ বিনাচৰ্তে তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ সংগঠনটোৰ উপ সভাপতিগৰাকীয়ে লগতে কয় যে চৰকাৰে এইটো জনা উচিত যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাসে সোঁৱৰাই দিছে যে কোচ ৰাজবংশীসকল ভূমিপুত্ৰ ৷ ভাৰতবৰ্ষই স্বাধীনতা  লাভ কৰাৰ পিচত ১৯৪৯ চনত ভাৰত চৰকাৰৰ সৈতে হোৱা চুক্তিমৰ্মে কমতাপুৰ ৰাজ্য ভাৰতৰ লগত চামিল হৈছিল ৷ সেয়ে কোচ ৰাজবংশী জনগোষ্ঠীকলৈ তেওঁলোকে যাতে কুটিল ৰাজনীতি নকৰে আৰু বিদেশী সজাবলৈ চেষ্টা নকৰে ৷ সভাত বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলোকক কৰি অহা প্ৰতাৰণাৰ পৰিপ্ৰেক্ষিতত তথা কমতাপুৰ আৰু জনজাতিকৰণৰ লগতে এন আৰ চিৰ পৰা বাদ পৰা ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ নামসমূহ বিনাচৰ্তে তালিকাত অন্তৰ্ভুক্তিৰ দাবীত পুনৰ এলানী আন্দোলনৰ কাৰ্যসূচীয়ো ঘোষণা কৰে ৷ সেই অনুসৰি অহা ২০ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া সৰ্বাত্মক অসম তথা কমতাপুৰ বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে ৷ ইয়াৰোপৰি ৩০ ছেপ্টেম্বৰত নতুন দিল্লীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট, লোক সভা আৰু ৰাজ্য সভাৰ শীতকালীন অধিৱেশনৰ সময়ত পুনৰ নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ, গণ সমাৱেশ, জনজাগৰণ সমাৱেশ আদি কাৰ্যসূচী সভাত গ্ৰহণ কৰে বুলি উল্লেখ কৰে ৷ লগতে বাকী আন্দোলনৰ কাৰ্যসূচী নতুন দিল্লীত ঘোষণা কৰা হ'ব বুলি কৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰুদ্ধে যদি ষড়যন্ত্ৰ বন্ধ নকৰে তেতিয়াহলে সংগঠনটোৱে জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা সাধাৰণ সম্পাদক গোকুল বৰ্মণে কয় যে কোচ ৰাজবংশী ছাত্ৰ সন্থাই এখন বিদেশীমুক্ত এন আৰ চি হোৱাতো বিচাৰো ৷ কিন্তু এন আৰ চি উন্নীতকৰণৰ নামত প্ৰকৃত ভূমিপুত্ৰ কোচ ৰাজবংশীসকলোক বিদেশী সজাব বিচৰাতো আমি কেতিয়াও মানি নলও ৷ সেয়েহে ভূমিপুত্ৰ কোচ ৰাজবংশীসকলোৰ নাম বিদেশী ন্যায়াধীকৰণলৈ নোযোৱাকৈ চৰ্তহীনভাৱে অন্তৰ্ভুক্তিৰ ব্যৱস্থা ল'বলৈ দাবী জনায় ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে প্ৰতিটো ৰাজনৈতিক দলেই শাসনত অধীস্থিত হলেই কোচ ৰাজবংশী জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতিসমূহ পাহৰি যায় ৷ যাৰ ফলত কমতাপুৰ ৰাজ্য গঠন, জনজাতিকৰণ আদি দাবীসমূহ সমাধান নহয়৷ শেহতীয়াভাৱে এন আৰ চিতো জনগোষ্ঠীটোৰ নাম বাদ পৰিল ৷ ইয়াৰ জৰিয়তে জনগোষ্ঠীটোক কেৱল প্ৰতাৰণা, প্ৰৱঞ্চনা কৰাই নহয় বৰং ঘোৰ অপমান কৰিলে ৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে প্ৰায় ৫৮ হাজাৰ কোচ ৰাজবংশী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি কৈ ইয়াৰ পিচতো এখন পূৰ্ণাংগ এন আৰ চি প্ৰকাশ কৰা বুলি তেওঁলোকে কৈ আহিছে ৷ এইখন এন আৰ চি ক্ৰটিপূৰ্ণ আৰু বিসংগতিপূৰ্ণ । সেয়ে আমি দাবী জনাইছো যে প্ৰকাশিত এন আৰ চি খন পুনৰীক্ষণ কৰি কোচ ৰাজবংশীকে ধৰি যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া থলুৱা লোকৰ নাম বাদ পৰিছে সেইসকলোৰে নামসমূহ বিনাচৰ্তে আৰু বিদেশী ন্যায়াধিকৰণলৈ নোযোৱাকৈ তালিকাত অন্তৰ্ভুক্তি কৰিব লাগে ৷ অন্যথা আমি হাত সাৱতি বহি নাথাকো ৷ আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয় যে এই এন আৰ চি খন ক্ৰটিপূৰ্ণ হৈছে ৷ সেয়ে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই অনিচ্ছাকৃতভাৱে হলেও এন আৰ চি কৰ্তৃপক্ষ তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে ৷ অামি অহা ২০ ছেপ্টেম্বৰত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া সৰ্বাত্মক অসম তথা কমতাপুৰ বন্ধৰ আহ্বান জনাইছো ৷ সমান্তৰালভাৱে এই বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ আগমুহূৰ্তলৈকে যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী সমূহৰ ক্ষেত্ৰত যদি কোনো আলোচনা- বিলোচনা নকৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমি ৩০ ছেপ্টেম্বৰত নতুন দিল্লীত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম ৷ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো যদি চৰকাৰে এন আৰ চিৰ পৰা বাদৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলকৰ নাম অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কোনো বিহিত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে নতুন দিল্লীতে সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম ৷ ইয়াৰ লগত সংগতি ৰাখি ইতিমধ্যে লোক সভা আৰু ৰাজ্য সভাৰ শীতকালীন অধিৱেশনৰ সময়ত নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ লগতে গণ সমাৱেশ, জনজাগৰণ সমাৱেশ আদিও অনুষ্ঠিত কৰা হ'ব ৷ আমি কিদৰে আমাৰ আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই নিম এই বিষয়বোৰ দিল্লীতে আলোচনা কৰা হ'ব ৷ কাৰণ বাৰে বাৰে কোচ ৰাজবংশী  জনগোষ্ঠীক কৰি অহা প্ৰতাৰণা, প্ৰৱঞ্চনা তথা অপমান আৰু কোনো কাৰণতে সহ্য কৰা নহ'ব ৷ কোচ ৰাজবংশীসকল ভূমিপুত্ৰ হোৱাৰ পিচতো কি কাৰণত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক এন আৰ চিৰ তালিকাৰ পৰা বঞ্চিত কৰা হ'ল আমাক ইয়াৰ উত্তৰ লাগিব ৷ আজি যিসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে কিদৰে আতংকিত হৈ আছে বা ভয় খাই আছে সেই কথাটো তেওঁলোকে জানে ৷ তেওঁলোকক কোনে আশ্বাস - প্ৰতিশ্ৰুতি দি থাকিব ? আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই তেওঁলোকক বুজনি দি আহিছো আৰু কোনো এজন কোচ ৰাজবংশী লোককে ধৰি কোনো খিলঞ্জীয়া জাতি জনগোষ্ঠী শংকিত হোৱাৰ কাৰণ নাই ৷ কাৰণ অসম চুক্তিৰ আধাৰত এন আৰ চিৰ উন্নীতকৰণৰ ক্ষেত্ৰত যি ভিত্তিবৰ্ষ লৈছে সেই মতে হোৱাতো বিচাৰিছা ৷ আমি এখন শুদ্ধ এন আৰ চি বিচাৰিছো ৷ কোনো বিসংগতিপূৰ্ণ এন আৰ চি বিচৰা নাই ৷ যিহেতুকে এন আৰ চি খন বিসংগতিপূৰ্ণ হৈছে সেয়ে আমি তাৰ পুনৰীক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিছো ৷ ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এন আৰ চি খন পুনৰীক্ষণৰ বাবে চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব, গতিকে আমি মন্ত্ৰীগৰাকীক আহ্বান জনাইছো যাতে কোনো এজন কোচ ৰাজবংশী ব্যক্তিৰ নাম বাদ নপৰে ৷ অন্যথা যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰি যায় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব ৷ কোচ ৰাজবংশী লোকসকল এতিয়াও হাৰাশাস্তি সন্মুখীন হৈ আছে আৰু সেয়ে আমাক ন্যায় লাগে ৷ ইপিনে সংবাদ মেলত উপস্থিত থকা আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে কয় যে কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বাহিৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৱে আজিলৈকে কোনো এখন চৰকাৰৰ পৰা একো নাপালে ৷ যাৰ বাবে চৰকাৰৰ এনে স্থিতিত আমি পুনৰ আমাৰ যি কমতাপুৰ ৰাজ্য গঠন, জনজাতিকৰণৰ দাবীৰ লগতে এন আৰ চিত বাদ পৰা জনগোষ্ঠীটোৰ লোকৰ নাম অন্তৰ্ভুক্তি কৰাৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছো ৷ সংবাদ মেলত মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে এন আৰ চিত যিসকল কোচ ৰাজবংশী লোকৰ লগতে অন্যান্য খিলঞ্জীয়া লোকৰ নাম বাদ পৰিছে তেওঁলোকে ভয় কৰিব নালাগে ৷ আমি যিকোনো প্ৰকাৰে প্ৰতিজন খিলঞ্জীয়া লোকৰ নাম এন আৰ চিক পৰা বাদ পৰিবলৈ নিদিও ৷ ইতিমধ্যে শুকুৰবাৰে গুৱাহাটীত ৩০ টা জাতীয় সংগঠনৰ আলোচনাতো এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰয়োজনত বৃহৎ ৰূপত আন্দোলন গঢ়ি তোলা হ'ব বুলিও কয় ৷ সংবাদ মেলত সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সভানেত্ৰী পূৰবী সৰকাৰৰ লগতে আক্ৰাছুৰ কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ নেতা- কৰ্মী উপস্থিত থাকে ৷

Your Comments