চৰাইদেউ জিলাত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ বাবে একেদিনাই উদ্বোধন হ'ল ছয়টা পৰীক্ষাগাৰ

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ অধীনত সম্ভাব্য যক্ষ্মা ৰোগী সকলক চিনাক্তকৰণৰ বাবে চৰাইদেউ জিলাৰ ছখন চিকিৎসালয়ত নতুনকৈ প্ৰতিষ্ঠা কৰা ছয়টা পৰীক্ষাগাৰ শনিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।  চৰাইদেউ জিলাৰ ৰজাপুখুৰীস্থিত অসামৰিক চিকিৎসালয়ত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ বৰাই পৰীক্ষাগাৰটোৰ ফিটা কাটি উদ্বোধন কৰাৰ পিছত এখনি উদ্বোধনী সভা অনুষ্ঠিত হয়। সোণাৰিৰ যক্ষ্মা কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা তত্বাৱধায়ক মৃত্যুঞ্জয় দাসে আঁত ধৰা সভাৰ আৰম্ভনিতে সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ শিৱসাগৰ জিলাৰ আঁচনি বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে ভাৰতক ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত কৰিবৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন কাৰ্যপন্থা সমূহৰ বিষয়ে কয়। আজিৰ পৰা জিলা খনৰ অন্তৰ্গত চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ৰ লগতে লংপটীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দিচাংপানী ৰাজ্যিক চিকিৎসালয়, চেপন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নাৰদকুমাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বকতা নেমুগুৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় খেকাৰ পৰীক্ষা বিনামূলীয়াকৈ উপলব্ধ থাকিব বুলি তেওঁ কয়। উদ্বোধকৰ ভাষণত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ বৰাই ৰাজ্য চৰকাৰে স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে আজি উদ্বোধন কৰা অতিৰিক্ত ছয়োটা পৰীক্ষাগাৰৰ যোগেদি জিলা খনৰ দৰিদ্ৰ যক্ষ্মা ৰোগী সকলে বিনামূলীয়াকৈ খেকাৰৰ নমুনা পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধো লাভ কৰিবলৈ সক্ষম হ'ব ।

Your Comments