বৃহত্তৰ অসমীয়া জাতিটো বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব : বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত মুখ্যমন্ত্ৰী

sonowal

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্রতিবেদন :

আমি সকলোৱে যদি নিজৰ দক্ষতাৰ ওপৰত আস্থা ৰাখি কৰ্মত লাগি পৰো , তেতিয়া আমি বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ম "৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ ৷ শনিবাৰে নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী সমাৰোহৰ সতীৰ্থ সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷তেওঁ লগতে কয় " এই অনুষ্ঠানটো ছাত্ৰ-ছাত্ৰীৰ বাবে ৷ যি অনুষ্ঠানৰ জৰিয়তে অসমৰ ভৱিষ্যত ৰচনা কৰিব পাৰে ৷ আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ ৷ বিজ্ঞান প্ৰযুক্তিৰে মানৱ সভ্যতা আগবাঢ়ি গৈছে ৷ উৎপাদিত মানৱ সম্পদে আগন্তুক দিনত বৃহত্তৰ অসমীয়া জাতি বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ নিমিত্তে দৃঢ়তাৰে আগবাঢ়ি  যাব লাগিব ৷ এই  শুভক্ষণত সকলোৱে সংকল্প কৰিব লাগিব ৷  দিনে দিনে নতুন কৌশলৰ সৃষ্টি হৈছে ৷ ভাৰত ৰাষ্ট্ৰও পিছপৰি থকা নাই ৷ আজি ভাৰত ৰাষ্ট্ৰই বিশ্বৰ সকলোবোৰ ৰাষ্ট্ৰৰ লগত প্ৰযুক্তিৰ ক্ষেত্ৰত ফেৰ মাৰিব পৰা হৈছে ৷ আমি অসমো আগবাঢ়ি যাব লাগিব ৷

cm তেতিয়া অকল ভাৰততে নহয় বিশ্বতে অসম জিলিকিব ৷ অসমত এতিয়া শিক্ষিত যুৱকে খেতি পথাৰত নামিছে ৷ যাৰ ফলত অসমৰ কৃষিজাত সামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ লগতে কয় যে-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দায়িত্বভাৰ গ্ৰহণ কৰি আধুনিক ধ্যান-ধাৰণাৰে প্ৰযুক্তিবিদ্যাৰ সহায়ত বিভিন্ন আচঁনি গ্ৰহণ কৰিছে ৷ ডিজিটেল ইণ্ডিয়া  ,স্কীল ইণ্ডিয়া, বা মেক ইন ইণ্ডিয়াই হওক প্ৰতিটো কাৰ্যসূচীৰ অন্তৰালত মহৎ উদ্দেশ্য লুকাই আছে ৷ তেওঁ নতুন প্ৰজন্মৰ দক্ষতা বিকাশত যোগ্যতা অৰ্জন কৰিবলৈ চৰকাৰে গুৰত্ব আৰোপ কৰা বুলি প্ৰকাশ কৰে ৷ তেওঁ পুনৰ কয়- মোডীয়ে  পাঁচ বছৰৰ বাবে যিবোৰ আচঁনি হাতত লৈছে সেই আচঁনি সমূহৰ প্ৰতি যুৱক-যুৱতী সকলক আকৃষ্ট কৰা পৰিলক্ষিত হৈছে ৷ যুৱশক্তিয়ে বিশ্ব জয় কৰাৰ সপোন দেখিছে ৷ অসমৰ পাহাৰ-ভৈয়ামৰ ৩৩ খন জিলাৰ তিনি  কোটি ৩০ লক্ষ  বৃহত্তৰ অসমীয়া সমাজখন পিছপৰি থাকিলে নহ:ব ৷ বিশ্বৰ বুকুত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰিব লাগিব ৷ 

ইফালে প্ৰাক্তন ছাত্ৰ সতীশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সতীৰ্থ সন্মিলন উদ্বোধন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাসে ৷ প্ৰাক্তন ছাত্ৰ তথা সমাজসেৱী কুশল কুমাৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সন্মিলনত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু কৰ্মচাৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধিত অধ্যাপক সকলৰ হৈ বক্তব্য প্ৰদান কৰে অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ দণ্ডধৰ চক্ৰৱৰ্তীয়ে ৷ বিধায়ক নাৰায়ণ ডেকাই আদৰণী ভাষণ দিয়া সভাখনত  প্ৰাক্তন ছাত্ৰ ক্ৰমে অধ্যক্ষ যোগেন কলিতা, অধ্যাপক যোগেন্দ্ৰ কুমাৰ দাস, শচীন্দ্ৰ ভূঞা, গিয়াছউদ্দিন আহমেদ, ফণিন্দ্ৰ নাথ চক্ৰৱৰ্তী আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে বক্তব্য, গীত-মাত, অভিনয় আদি পৰিবেশন কৰে ৷ সতীৰ্থ সন্মিলনৰ আঁত ধৰে প্ৰবক্তা ডঃ বিপুল কলিতাই ৷ ইয়াৰ পূৰ্ব্বে পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, গছপুলি ৰোপন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় 

Your Comments