বটদ্ৰৱাৰ পৰা নিপন নাথৰ প্রতিবেদন :
নগাঁও জিলাৰ পশ্চিমাঞ্চলত দিনক দিনে বৃদ্ধি পাই আহিছে নাৰী নিৰ্যাতনৰ ঘটনা । কিছু দিন পূৰ্বে জিলাখনৰ ধিং গাঁৱত এগৰাকী নৱ বিবাহিত বোৱাৰীক হাত ভৰি বান্ধি জ্বলাই দিয়াৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই জাজৰী বগৰিগুৰিত নিজ স্বামীৰ হাততে প্ৰাণ গ'ল পত্নীৰ। সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় মহিলা সকল লগ হৈ নাৰী হত্যা, ডাইনী হত্যা, বাল্য বিবাহ, অন্ধ বিশ্বাসৰ দৰে ঘটনা সমূহৰ ওপৰত সজাগ কৰিবৰ বাবে আৰু জাজৰীত মহিলাৰ প্ৰতি সামাজিক ন্যায় প্ৰদান আৰু নিৰাপত্তা নিশ্চিত কৰাৰ আহ্বানত আজি এক জোৰ সমদল উলিয়াই । সমদলটোত অঞ্চলটোৰ প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰে।
- Log in to post comments
- 9 views