সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী অমিত শ্বাহ অলপতে গুৱাহাটীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্ৰেই অসমত বলৱত কৰা হ'ব বুলি ঘোষণা কৰাৰ প্ৰতিবাদত শুকুৰবাৰে সোণাৰিত আহোম সেনাৰ চৰাইদেউ জিলা সমিতিয়ে গৃহ মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰে।নগৰখনৰ শিৱ মন্দিৰ তিনিআলিত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটিৰ অৰ্ধ শতাধিক সদস্যই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহ মন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, বিজেপি চৰকাৰ গো বেক আদি শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাতি ধ্বংসী এই বিধেয়কখন বাতিল নকৰিলে সংগঠনটিয়ে সমগ্র অসমত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।

Your Comments