বঙাইগাঁওঃ
হেৰিটেজ ফাউণ্ডেছন নামৰ সংগঠনটোৱে কালি গুৱাহাটীত এখন সংবাদমেলত জনজাতি আবেষ্টনীৰ ভূমি অবৈধ অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰা বুলি কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে । শুকুৰবাৰে চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে বি টি এ ডিত অবৈধ বিদেশী নাগৰিকে জনজাতি আবেষ্টনীৰ মাটি অবৈধ নাগৰিকে দখল কৰাৰ প্ৰমাণ তথ্য সহকাৰে দিবলৈ হেৰিটেজ ফাউণ্ডেছনক প্ৰত্যাহ্বান জনায় । নেতাগৰাকীয়ে লগতে বি টি এডিৰ জনজাতি আবেষ্টনীত অবৈধ বালাংদেশী নাগৰিকে জনজাতি সকলক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি প্ৰদান কৰি অহা বুলি হেৰিটেজ ফাউণ্ডেছনে কৰা অভিযোগ খণ্ডন কৰি কয় যে স্বয়ং বি টি চি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত অবৈধ বিদেশী নাগৰিক নাই বুলি কৈ আহিছে । বি টি এডিত শান্তি আৰু মিলা প্ৰীতিৰে বাস কৰি অহা বিভিন্ন জাতি- জনগোষ্ঠীৰ মাজত হেৰিটেজ ফাউণ্ডেছনে অশান্তিৰ সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ কৰি সংগঠনটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমছুৰ সভাপতিগৰাকীয়ে অসম চৰকাৰ তথা বি টি চি কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় । সংবাদ মেলত পাৱত গঁজা এই সংগঠনৰ এনে মন্তব্যৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে এয়া সম্পূৰ্ণৰূপে ভিত্তিহীন , মনেসজা আৰু উদ্দেশ্য প্ৰণোদিত । এনে মন্তব্যক আমছুৱে ধিক্কাৰ দিয়ে । লগতে বিটিচিৰ শান্তি প্ৰতিষ্ঠাৰ বাবে এনে সংগঠন বোৰক অতিশীঘ্ৰে নাকী লগাবলৈকো বিটিচি চীফ হাগ্ৰামা মহিলাৰীক আহ্বান জনায় । নেতাগৰাকীয়ে লগতে কয় যে , বিটিচি চুক্তিত থকা সকলো জাতি জনগোষ্ঠীৰ সম-অধিকাৰ আৰু সম মৰ্যদাৰ কথা সম্পূৰ্ণৰূপে অবজ্ঞা কৰি চিটিচি চৰকাৰে এই অঞ্চলত যুগ যুগ ধৰি বসৱাস কৰি অহা লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিছে । চিৰাং জিলাৰ বিলাসপুৰ বান্ধগুৰীকে ধৰি বিটিএডিৰ বহুসংখ্যক গাঁৱৰ অনাবড়ো লোকৰ ভূমি কিনা বেচা তথা হস্তান্তৰ প্ৰক্ৰিয়া অন্যায়ভাৱে বন্ধ ৰাখিছে । গতিকে অতিশীঘ্ৰে এই সন্দৰ্ভত পৰ্যাপ্ত ব্যাবস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছুৰ নেতাগৰাকীয়ে । লগতে বিটিএডিত বসবাসকাৰী ভূমিহীন লোকসকলক অতিশীঘ্ৰে মাটিৰ পট্টা প্ৰদানৰো দাবী জনায় ।
- Log in to post comments
- 8 views