নগাঁৱৰ পৰা ৱাহিদুদ জামান
কৃষকৰ দ্বাৰা পৰিচালিত 'শংকৰ আজান এগ্ৰো প্ৰডিউটাৰ কোম্পানী'ৰ শুকুৰবাৰে এখন সাধাৰণ সভা বেঙেনাআটি সুৰভি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী নিৰঞ্জন ডেকাই কয়- কৃষি উন্নত হ'লেহে কৃষকৰ উন্নতি হ'ব আৰু কৃষকৰ উন্নতি হলেহে দেশৰ উন্নতি হ'ব। কৃষিয়ে দেশক অৰ্থনৈতিক দিশত বহু আগুৱাই লৈ যাব পাৰে। বৰ্তমান কৃষিত বহুত বৈজ্ঞানিক পদ্ধতি সংযোজন কৰা হৈছে। বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰিলে কম মাটিত অধিক ফচল উৎপাদন কৰাটো সম্ভৱ। এই পদ্ধতিৰে খেতি কৰি কৃষকসকলে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হ'ব পাৰে । তেওঁ কৃষকসকলক ৰাসায়নিক সাৰৰ ব্যৱহাৰ সীমিত কৰাৰ লগতে ঘৰত প্ৰস্তুত কৰা জৈৱিক সাৰৰ অধিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
সভাত উপস্থিত থাকি দেওধৰ কৃষি খণ্ডৰ গ্ৰাম সেৱক কৃষ্ণ বৰাই বৰ্তমান বতৰত ৰবি শস্যৰ ক্ষেত্ৰত ল'বলগীয়া বিভিন্ন সাবৱধানতাৰ কথা উল্লেখ কৰি কেনেধৰণৰ বীজ ৰোপণ কৰিলে অধিক উৎপাদন পাব পাৰি,সেই সন্দৰ্ভত কৃষকসকলক অৱগত কৰে। আদৰ্শ যুৱ কৃষক আনোৱাৰ হুছেইনে আঁত ধৰা সভাখনত জিলাখনৰ প্ৰায় পাঁচ শতাধিক পুৰুষ আৰু মহিলা কৃষকে অংশগ্ৰহণ কৰে। সভাতেই কেইবাজনো আদৰ্শ কৃষকক সম্বৰ্ধনা জনোৱা হয়। সভাত কৃষকে উৎপাদন কৰা কৃষিজাত সামগ্ৰীৰ কেনেকৈ উচিত মূল্য পাব পাৰি,সেই সন্দৰ্ভতো বিতং আলোচনা কৰা হয়। উল্লেখ্য যে শংকৰ আজান এগ্ৰো প্ৰডিউটাৰ কোম্পানী হৈছে কৃষকৰ দ্বাৰা পৰিচালিত আৰু কৃষকৰ উৎপাদিত সামগ্ৰী উচিত মূল্যত বিক্ৰীৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা এটা গোট। এই গোটটোত বৰ্তমান এহাজাৰ কৃষক পঞ্জীয়নভুক্ত হৈছে।
- Log in to post comments
- 12 views