হাইলাকান্দিত বিজুলী সংযোগ নিদি‌য়াকৈ প্ৰদান কৰিলে বিল : প্ৰতিবাদত ৰাজপথত নামিল ৰাইজ

barak

 শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :

বিদ্যুৎ সংযোগ প্ৰদান নকৰাকৈয়ে বিদ্যুৎৰ বিল প্ৰদান কৰাৰ নিচিনা এক আচহুৱা ঘটনা সংঘটিত হৈছে হাইলাকান্দিত। বিদ্যুৎ বিভাগৰ একাংশ লোকৰ চৰম গাফিলতিৰ বাবে সংঘটিত একে ঘটনাৰ প্ৰতিবাদত বৃহস্পতি বাৰে  চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামি গৰজি উঠিল বৰাকৰ হাইলাকান্দিৰ বন্ধুকমাৰা টি, বন্ধুকমাৰা আৰ‌এ সহ বিভিন্ন এলেকাৰ শ্ৰমিক আৰু সাধাৰণ ৰাইজ।
বৃহস্পতিবাৰে হাইলাকান্দিৰ কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা কবিৰ আহমেদক লগতলৈ ৰাজ্য চৰকাৰ আৰু বিজুলী ‌বিভাগৰ বিৰুদ্ধে গৰজি উঠিল অঞ্চলটোৰ বহু ৰাইজ। প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে হাইলাকান্দিৰ ৰাজপথ।

উল্লেখ্য যে এই অঞ্চলৰ বহু ব্যক্তিলৈ বিদ্যুৎ সংযোগ নিদিয়াকৈয়ে বিদ্যুৎৰ বিল প্ৰদান কৰিছিল বিদ্যুৎ বিভাগে ।আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰা ৰাইজে ৰাজপথলৈ ওলাই আহি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

 

Your Comments