বাহাৰঘাট ৰ পৰা নৰেণ শৰ্মাৰ প্রতিবেদন :
মানৱতাৰ যেন এতিয়া চৰম অবক্ষয় ঘটিছে এই খন পৃথিৱীত, কোনোৱা খিনিত হেৰাই গৈছে যেন মানৱতা। ওপৰৰ ছবিখনে হয়তো আপোনাকো এই কথা ভাবিবলৈ বাধ্য কৰাব ।
পিতৃ মাতৃ এতিয়া সন্তানৰ বাবে বোজা হৈছে নেকি ? ছবিখন চাই হয়টো এনেকুৱা এটা প্ৰশ্নই আপোনাৰ মনলৈ আহিব । এতিয়া শুনক এই গৰাকী বৃদ্ধৰ কাহিনী । বিগত কেইটামান দিন ধৰি এই গৰাকী বৃদ্ধ ব্যক্তি নলবাৰীৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে । নাম তেওঁৰ সূচিল চন্দ্ৰ দেৱ নাথ,ঘৰ মাকুমত । ল'ৰা ছোৱালীৰে ভৰা এখন ঘৰ আছিল সূচিল দেৱনাথৰ। আছে পুত্ৰ-বোৱাৰীকে ধৰি বহু আত্মীয়।সকলো থাকিও এতিয়া তেওঁ অকলশৰীয়া । ৰ'দ বৰষুণ একাকাৰ কৰি তেওঁ এতিয়া পদ পথৰ বাসিন্দা লোকজন। ভোকত থকা ব্যক্তি জনক আজি বৰভাগ মহাবিদ্যালয় একাংশ ছাত-ছাত্ৰীয়ে দেখা পাই কিছু খোৱা বস্তুৰ যোগান ধৰে আৰু সন্ধিয়া হোৱাৰ আগতেই লোকজনক স্থানীয় কমাৰকুছি আৰক্ষী চকীত চমজাই দিয়ে৷আনহাতে বৰভাগ মহাবিদ্যালয় আছুগোটৰ তৎপৰাতাত গোটৰ সম্পাদক বিবেক বৈশ্য আৰু ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক বিক্ৰম মেধিয়ে নলবাৰী শান্তি নিবাস অনাথ আশ্ৰমৰ পৰিচালক মজিবৰ ৰহমানৰ লগতো এই বিষয়ে যোগাযোগ কৰে৷
- Log in to post comments
- 28 views