বঙাইগাঁও জিলাৰ ২ নং জামদোহাত মেগা স্বাস্থ্য সেৱা শিবিৰ

bgn

বঙাইগাঁওঃ

 বঙাইগাঁও জিলাৰ মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গেৰুকাবাৰীৰ নিকটৱৰ্তী ২ নং জামদোহাত বৃহস্পতিবাৰে এক মেগা স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত  হয় ৷ বঙাইগাঁও জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত ৮৪৮ নং জামদোহা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰটো স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে  উদ্বোধন কৰে ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীৰ লগতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ৷ এই স্বাস্থ্য শিবিৰত অ-সংক্ৰমিত ৰোগৰ বিশেষ পৰীক্ষাও কৰা হয় ৷ স্বাস্থ্য শিবিৰত মুঠ এঘাৰ শতাধিক ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধো বিতৰণ কৰা হয় ৷ লগতে প্ৰতিটো বিভাগৰে বহিঃসেৱা কেন্দ্ৰৰ দ্বাৰা ৰোগীসকলক চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে স্বাস্থ্য শিবিৰৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত এখন সজাগতা সভাৰো আয়োজন কৰা হয় ৷ লগতে বিভিন্ন বিপনিৰ দ্বাৰা স্বাস্থ্য বিভাগৰ কাম-কাজ প্ৰদৰ্শনো কৰা হয় ৷

Your Comments