মৰিগাঁওৰ পৰা জিতুমনি নাথৰ প্রতিবেদন :
এন আৰ চিৰ প্ৰস্তুত কৰণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্পুৰ্ণ ৰূপে ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত গৃহমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি ক্ষমা খোজাতো এক দায়িত্ব। এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। বুধবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মৰিগাঁৱৰ কংগ্ৰেছ ভৱনত দলীয় এক সম্বৰ্দ্ধনা সভাত অংশ গ্ৰহণ পুনৰ কৰি কয় গৃহমন্ত্ৰী অমিত শ্বাহে ৪১ লাখ বিদেশী ভাৰতবৰ্ষ পৰা বাদ পৰিব বুলি কৈছিল। কিন্তু এন আৰ চিৰ চুড়ান্ত তালিকাত ১৯ লাখহে বাদ পৰিল,বাকী ২২ লাখৰ ওচৰত অমিত শ্বাহে ক্ষমা খোজাতো নিজৰ দায়িত্ব। তদুপৰি ১৯ লাখ বিদেশীৰ ভিতৰত ১২ লাখ বাঙালী হিন্দু। এই ক্ষেত্ৰত বিজেপিৰ সান্দহ খোৱা বালি তল পৰাত এতিয়া আৱেগিক ৰাজনীতি আৰম্ভ কৰিছে। এন আৰ চিৰ ক্ষেত্ৰত বিজেপিয়ে যিদৰে মানুহক হাৰাশাস্তি কৰিছে কংগ্ৰেছে কৰা নাই বুলি উল্লেখ কৰি সাংসদ বৰদলৈয়ে কয় বিজেপি হৈছে বঙালী সম্প্ৰদায়ৰ শক্ৰ। বিজেপিয়ে সাপ হৈ খোটে আৰু বেজ হৈ জাৰে বুলিও মন্তব্য কৰি কয় অসম চুক্তি হৈছে আমাৰ গীতাৰ বাণীৰ দৰে। সংসদত আমাৰ সদস্য সংখ্যা কম হেতুকে আমাক কথা কবলৈ সুবিধা নিদিয়ে। তথাপিও আমাৰ সমস্যা সমূহ উত্থাপিত কৰিছো। এন আৰ চিত বাদ পৰা বৈধ নাগৰিক সকলক আমি সহায় কৰি যাম বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে নেডাৰ সভাত কেবক লৈ অমিত শ্বাহে কৰা মন্তব্য সন্দৰ্ভত পুনৰ কয় যে আমাৰ অতিকৈ দুৰ্ভাগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী অতুল বৰা,যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা মনোজ বৰুৱা আদি নেতা সকল আজি কালি মূৰ তল কৰি থাকে। এই সকলে অসমীয়া জাতিক বিক্ৰী কৰি পেলাব খুজিছে। আনকি প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ সাংসদ তপন গগৈয়েও নিমাত হৈ থাকে। এই সকলৰ বিপৰীতে কিন্তু কনৰাড চাংমা,জৰাম থাংগা আৰু নেফিও' ৰিঅ জাতীয় চেতনাৰে পৰিপূৰ্ণ বুলিও এক তাৎপৰ্য্য পূৰ্ণ মন্তব্য কৰে।মৰিগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী জোনজোনালী বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা কংগ্ৰেছ,মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰাৰ লগতে জিলাখনৰ পঞ্চায়ত প্ৰতিনিধি আৰু জিলা পৰিষদৰ সদস্য সদস্যা সকলকো সম্বৰ্ধনা জনোৱা হয়।
- Log in to post comments
- 24 views