ধিংত একেলগে কেইবাখনো অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিলে বিধায়িকা আঙুৰলতা ডেকাই

dhing

বটদ্ৰবাৰ প্ৰতিবেদক :

ধিং পৌৰসভাৰ অন্তৰ্গত ধিং টাউনত পিএম জি এছ ৱাইৰ কেইবাটাও গৃহৰ লগতে স্বচ্ছ ভাৰত এক আঁচনিৰ অধীনত ডাম্পিং গ্ৰাওণ্ডত জাৱৰ নিষ্কাশনৰ এক আঁচনিৰ মঙলবাৰে শুভাৰাম্ভ কৰে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। ইয়াৰ লগতে ধিং তলিবৰ পাৰ আৰু ধিং ৰত্নভৱন'ত শৌচালয়ৰো শুভাৰাম্ভণী কৰে।batadraba

আঁচনি কেইখন শুভাৰাম্ভ কৰি বিধায়িকা আঙুৰলতা ডেকাই কয় -বটদ্ৰৱা সমষ্টিত উন্নয়নৰ  যাত্ৰা  অব্যাহত আছে। ভাৰত বৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদূষণ মুক্ত ভাৰত গঢ়াৰ যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অংশ হিচাপেই আজি পৌৰসভাৰ অন্তৰ্গত ধিং টাউনৰ সীমামূৰীয়া অঞ্চলত ডাম্পিং গ্ৰাউণ্ডত জাবৰ নিষ্কাষণৰ জৰিয়তে জৈৱিক সাৰ প্ৰস্তুত কৰা অত্যাধুনিক এক  মেচিনৰ শুভ উদ্বোধন কৰা হয়। যিয়ে  স্বচ্ছতাক আৰু এখোজ আগুৱাই নিয়াৰ লগতে অনাগত দিনত কৃষকৰ বাবেও সুখবৰ কঢ়িয়াই অনা হ'ব বুলিও বিধায়িকা গৰাকীয়ে মন্তব্য কৰে।

Your Comments