৮ বছৰে সম্পুৰ্ণ নহল জাগীভকত গাঁৱৰ  কপিলী নৈ নিৰ্মীয়মাণ  দলং : খোল,তাল ,ডবা বজাই  প্ৰতিবাদ স্থানীয় দল সংগঠনৰ

marigaon

মৰিগাঁওৰ পৰা জিতুমনি নাথৰ প্রতিবেদন :

 মৰিগাঁও -জাগীৰোড গড়কাপ্তানি পথৰ জাগীভকত গাঁৱৰ কপিলী নৈৰ ওপৰত থকা নিৰ্মীয়মাণ দলং খন আজি ৮ বছৰেও নিৰ্মাণকাৰী সংস্থাই সম্পুৰ্ণ নকৰি আধাতে নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰখাত  জিলা খনৰ ২০ টাতকৈ অধিক দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে মঙলবাৰে সন্মিলিত ভাবে এক অভিনব প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰে। উল্লেখ্য যে কপিলী দলং নিৰ্মাণ দাবী সমিতিৰ উদ্যোগত আৰু জিলাখনৰ বহুকেইটা জাতীয় সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত চৰকাৰ- প্ৰশাসন , গড়কাপ্তানী বিভাগ আৰু দলং নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্সৰ বিৰুদ্ধে  জাগীভকত গাঁৱৰ নিৰ্মীয়মাণ দলংৰ সমীপত  এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে   । খোল ,তাল  ,ডবা ,কাঁহ শংখ ঘন্টা বজাই নাম প্ৰসংগৰে কপিলী নৈত পূজা অৰ্চনা কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ । তাৎপৰ্য্যপূৰ্ণ এইয়ে যে  ২০১১ বৰ্ষতে আধাৰশিলা কৰা ১৭০ মিটাৰ দৈৰ্ঘৰ দলংখন নিৰ্মাণৰ বাবে চৰকাৰে বিভাগীয়ভাৱে ধাৰ্য কৰিছিল ২৯ কোটি টকা । চলিত ৮ বছৰে ছিমপ্লেক্সে দলং নিৰ্মাণৰ ২০ শতাংশ কামো কৰিবলৈ সক্ষম নহ'ল  । ছিমপ্লেক্সে ইতিমধ্যে ১১ কোটি টকা মোকলাই লৈ গ'ল যদিও ৮ বছৰত দলংখনৰ পকী খুটি কেইটাৰ কামো সম্পূৰ্ণ নকৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদকাৰী সকলে 'ছিমপ্লেক্স হুচিয়াৰ ' , 'গড়কাপ্তানি বিভাগ মুৰ্দাবাদ 'মৰিগাঁও জিলা প্ৰশাসন হায় হায় ', আদি শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ।উল্লেখ্য যে ১৯৫৭ চনতে স্থাপন কৰা বৰ্তমানৰ পুৰণি পকী দলংখন দুৰ্বল হৈ পৰিছে যদিও ইয়াৰ ওপৰেৰে এতিয়াও দৈনিক ৩০-৩৫ টন মালবাহী ট্ৰাক আৰু শ শ যান বাহন চলাচল কৰি থকাত ভয়াৱহ বিপদৰ আশংকাই দেখা দিছে।ইয়াৰ পিছতো চৰকাৰ তথা গড়কাপ্তানি বিভাগটোৰ গা নলৰাত আজি এইসকল প্ৰতিবাদী ৰাইজে বিভাগটোৰ লগতে দলং নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্সৰ সুমতি বিচাৰি জলৰূপী নাৰায়ণৰ ওচৰত পূজা-অৰ্চনা দিয়ে।উল্লেখ্য যে প্ৰতিবাদী লোকসকলে এবছৰৰ ভিতৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰা পৰ্যন্ত এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি বিভাগটোৰ লগতে চৰকাৰক সকীয়াই দিয়ে।ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বদন শৰ্মাই বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মৰিগাঁৱলৈ আহি জিলাখনৰ পথ - দলং সমূহ চাবলৈ আহ্বান জনাইছে।উল্লেখ্য যে আজি জাগীভকত গাঁৱত দলং নিৰ্মাণৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত জিলা খনৰ আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা জাতীয় সংগঠনে সহযোগ কৰে।

Your Comments