বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাকঃ দুজনক আটক 

bgn

বঙাইগাঁওঃ

 বঙাইগাওঁ জিলাৰ বিজনী গেৰুকাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান। চলাই এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে ৷ জানিব পৰা মতে গেৰুকাবাৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা এ এচ ০৯ এ চি ৭১৩৪ নম্বৰৰ ট্ৰাকখনে চোৰাং কাঠখিনি তিৰ্পালেৰে ঢাকি চিৰাং জিলাৰ কাজলগাঁৱৰ পৰা বৰপেটাৰ সৰভোগ অভিমুখে কঢ়িয়াইলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে চলোৱা অভিযানত ট্ৰাকখন জব্দ হয় ৷ আৰক্ষীয়ে চোৰাং কাঠ ভৰ্তি ট্ৰাকখনৰ গৰাকী আনেচ আলী আৰু চালক চাইদুল আলীকো আটক কৰে । ট্ৰাকখনৰ গৰাকী আৰু চালক দুয়োৰে ঘৰ সৰভোগত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ট্ৰাকখনৰ গৰাকী আৰু চালকে ভুৱা চালানেৰে কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ খিনি বৰপেটা ৰোডলৈ লৈ গৈ আছিল বুলি উক্ত ভুৱা চালান খনত উল্লেখ আছে। পিছত গেৰুকাবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকসহ চোৰাংকাঠখিনিৰ লগতে আটক কৰা আন্নেচ আলী আৰু চাইদুল আলীক বঙাইগাঁও বন বিভাগৰ হাতত চমজাই দিয়ে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

Your Comments