শিক্ষক তৰুণ চন্দ্ৰ বৰাক ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰদানত উৎফুল্লিত নগাওঁবাসী

nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন :

 নগাঁও চহৰৰ ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই চলিত বৰ্ষৰ অসম চৰকাৰৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰাত বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ লগতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে । পানীগাঁও অঞ্চলৰ প্ৰয়াত ভদৰাম বৰা আৰু গুণৱতী বৰাৰ পুত্র তৰুণ চন্দ্ৰ বৰাই ১৯৮৫ চনত নগাঁৱৰ ডিমৰুগুৰি বালিকা প্ৰাথমিক বিদ্যালয়ত সহ শিক্ষক হিচাপে চাকৰিত যোগদান কৰে । পৰৱর্তী সময়ত ২০০৪ চনত তেওঁ নগাঁও সদৰ শিক্ষা খণ্ডৰ অন্তর্গত ১৯৮ নং পানীগাঁও প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ আহে আৰু ২০০৬ চনৰ ১ মাৰ্চত  প্ৰধান শিক্ষকৰ দায়িত্ব গ্রহণ কৰে ।এইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তৰুণ চন্দ্ৰ বৰা অঞ্চলটোৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কাম কাজৰ লগতো জড়িত । ছাত্ৰ-ছাত্ৰী সকলৰ  প্ৰিয় শিক্ষক হিচাপে সুনাম অর্জন কৰা প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই ২০১৬ বৰ্ষত  অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা জিলাৰ শ্ৰেষ্ঠ কৃতী শিক্ষক, ২০১৮ বৰ্ষত জিলা পৰ্যায়ৰ কৃতী শিক্ষক, ২০১৯ বৰ্ষৰ ২৬ জানুৱাৰীত  জিলা প্ৰশাসনৰ দ্বাৰা জিলাৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰিছিল ।
ইয়াৰ উপৰি ২০১৮ বৰ্ষৰ গুণোৎসৱত ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ে ৰাজ্যখনৰ ভিতৰত প্ৰথম স্হান দখল কৰিবলৈ সক্ষম হৈছিল। একেদৰে ২০১৮ বৰ্ষত উক্ত বিদ্যালয়খনে স্বচ্ছতাৰ দিশত জিলা ভিত্তিত প্ৰথম স্হান দখল কৰে। উল্লেখ্য যোৱা ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক ভিত্তিত  আয়োজন কৰা ৫৮ সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী সিদ্ধাৰ্থ ভট্টাচার্যৰ উপস্থিতিত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰে । তৰুণ চন্দ্ৰ বৰাই সাংবাদিকক জানিবলৈ দিয়ে যে  আগন্তুক দিন বোৰতো তেওঁৰ দ্বায়িত্ব নিষ্ঠাৰে পালন কৰি যাব। এই ক্ষেত্ৰত তেওঁ অঞ্চলটোৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।

 

Your Comments