মৰোৱাত শিক্ষাৰ্থীৰ বাটৰ নাট প্ৰদৰ্শন 

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

শব্দ-বায়ু, মাটি-পানী আদিৰ প্ৰদূষণ ৰোধ কৰা আৰু সেউজ পৃথিৱী গঢ়াৰ সংকল্প আগত ৰাখি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি মৰোৱাৰ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু ইক" ক্লাৱৰ সহযোগত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ বিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীৰ দ্বাৰা অভনীত "পৃথিৱীৰ অসুখ" নামৰ বাটৰ নাটখনৰ ৰচনা আৰু পৰিচালনা কৰে শিক্ষানুষ্ঠানখনৰ সহকাৰী শিক্ষক তথা নাট্যকাৰ তিলক বৈশ্যই ৷ বিদ্যালয়ৰ অধ্যক্ষ বিদ্যানাথ মেধিৰ পৰিকল্পনা আৰু নাট্যশিল্পী নৱজিৎ বৈশ্যৰ ৰূপসজ্জাৰে অঞ্চলটোৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰা বাটৰ নাটখনত নেতৃত্ব দিয় ত্ৰিদীপ বৈশ্যই ৷ বিদ্যালয়ৰ খেলপথাৰ , মৰোৱা বজাৰ আদিত প্ৰদৰ্শিত নাটখনত ধীৰাজ দাস(দ্বাদশ শ্ৰেণী),নিপন ডেকা(একাদশ শ্ৰেণী), দিক্ষীত বৈশ্য(একাদশশ্ৰেণী), চিন্ময় বৈশ্য(দশম শ্ৰেণী), প্ৰিয়ংকা বৈশ্য(একাদশ শ্ৰেণী), জ্যোতিশিখা বৈশ্য(একাদশ শ্ৰেণী) আৰু চন্দনা বৈশ্য(দ্বাদশ শ্ৰেণী) আদিয়ে অভিনয় কৰে ৷

Your Comments