ৰাইজৰ আপত্তি- অভিযোগ নিষ্পত্তিৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ 'ৰাইজৰ চ'ৰা' 

bgn

বঙাইগাঁৱৰ প্ৰতিবেদক


 অসম চৰকাৰৰ সুশাসন ব্যৱস্থাপনাৰ ওপৰত বঙাইগাঁও জিলা প্ৰশাসনে যথেষ্ট গুৰুত্ব প্ৰদান কৰি ৰাইজৰ বিভিন্ন অভাৱ তথা আপত্তি- অভিযোগসমূহ থিতাতে নিষ্পত্তি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ব্যৱস্থাৰ অংশ হিচাপে জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ কাম-কাজ আৰু চৰকাৰী আচঁনি ৰূপায়ণ সন্দৰ্ভত ৰাইজে কৰা আপত্তি -অভিযোগসমূহৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ আদি ততাতৈয়াকৈ নিষ্পত্তি কৰাৰ বাবে 'ৰাইজৰ চ'ৰা' অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয়,মঙলবাৰে 'ৰাইজৰ চ'ৰা'ৰ শুভাৰম্ভ কৰা হয় ৷ উল্লেখ্য যে ইতিমধ্যে ইয়াৰ বাবে বঙাইগাওঁ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীক ন'ডেল বিষয়া হিচাপে নিয়োজিত কৰি মুঠ ১১ জনীয়া সদস্যৰে এটা ' ৰাইজৰ অভাৱ-অভিযোগ কোষ' উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা হৈছে। এই কোষৰ জৰিয়তে প্ৰতি মাহৰ ২য় আৰু ৪ৰ্থ মঙলবাৰে পুৱা ৯.৩০ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত ৰাইজৰ ওজৰ আপত্তি ,অভিযোগসমূহ পঞ্জীয়ন কৰি ১০.৩০ বজাৰ পিছত কাৰ্যালয়টোত অনুষ্ঠিত হ'বলগীয়া ' ৰাইজৰ চ'ৰা'ত উপস্থাপন কৰি পলকতে তাৰ নিষ্পত্তি আৰু নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নোৱাৰাখিনি সংশ্লিষ্ট বিভাগ সমূহলৈ পঠাই দিয়া হ'ব।সেই মৰ্মে মঙলবাৰে 'ৰাইজৰ চ'ৰা'ৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ৯.৩০ বজাৰ পৰা  ১০.৩০ বজাৰ ভিতৰত ৰাইজৰ ওজৰ-আপত্তি ,অভিযোগ কোষটোৱে  সৃজনগ্ৰাম,বইটামাৰী আৰু বিদ্যাপুৰ ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত নামজাৰি , সীমা নিৰ্দ্ধাৰণ , গড়কাপ্তানী ( পথ) বিভাগৰ বাট- পথ মেৰামতি , বঙাইগাঁও পৌৰ সভাৰ অন্তৰ্গত ষ্ট্ৰীট লাইট (Street Light) , নলা-নৰ্দমা খনন , পৰিস্কাৰ আৰু মেৰামতি , আৰক্ষী বিভাগৰ আউট পোষ্ট,এমজিএনৰেগা আচঁনিৰ অধীনত জব কাৰ্ড কৰ্মীৰ মাচুলকে ধৰি মুঠ ২৪ খন ৰাইজৰ ওজৰ-আপত্তি তথা অভিযোগ প্ৰ- প্ৰত্ৰ পঞ্জীয়নভুক্ত কৰে আৰু সেইসমূহ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা 'ৰাইজৰ চ'ৰা'ত উপস্থাপন কৰি  এজন- এজনকৈ অভিযোগকাৰীক মাতি অভিযোগত উল্লেখ কৰা বিষয় সন্দৰ্ভত অভিযোগকাৰীৰ মৌখিক ভাষ্য জ্ঞাত হৈ গোটেইকেইখন অভিযোগ প্ৰ-পত্রৰ কিছু থিতাতে সমাধান কৰে আৰু নোৱাৰাখিনি সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়াসকলক জবাবদিহী কৰি অতি সোনকালে নিষ্পত্তি কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে । উল্লেখ্যযোগ্য যে উপায়ুক্ত আদিল খানে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ মঙলবাৰেই একাংশ বিষয়াক ক্ষেত্র পৰিদৰ্শন কৰিবলৈ যোৱাৰ বাবে নিৰ্দেশ দি ৰাইজৰ আপত্তি তথা অভিযোগসমূহ তৎকালীনভাবে সমাধান কৰিবলৈও আদেশ দিয়ে। জিলা উপায়ুক্ত আদিল খানৰ এই সুন্দৰ পদক্ষেপৰ ৰাইজে আদৰণী জনাই শলাগ লৈছে ৷ লগতে ভয় আৰু সংশয়বিহীনভাৱে প্ৰতিজন অভিযোগকাৰীয়ে সকলোৰে উপস্থিতিত নিজৰ অভিযোগ লিখিত আকাৰে দাখিল কৰাৰ লগে লগে  মনৰ কথাবোৰো স্পষ্টকৈ ক'ব পৰাৰ বাবে জিলা প্ৰশাসনে বঙাইগাঁওবাসী ৰাইজৰ বাবে যি ব্যৱস্থা প্ৰৱৰ্তন কৰিলে সচাঁকৈ ই সকলোৰে বাবে প্ৰশংসনীয় বিষয় বুলি সচেতন নাগৰিকসকলে উল্লেখ কৰিছে।মঙলবাৰৰ এই শিবিৰত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন,অতিৰিক্ত উপায়ুক্তদ্বয় ধ্ৰুৱ জ্যোতি দাস, অনুপম ডেকা,অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি মেঘনিধি দাহাল,ৰাজহ চক্ৰ বিষয়াসকল,সহকাৰী আয়ুক্তসকল,খণ্ড উন্নয়ন বিষয়াসকলৰ উপৰিও পৰিবহন, শিক্ষা, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷

Your Comments