
হাজোৰ পৰা কমলাকান্ত দাস
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অধীনষ্ঠ শনিয়াদী পানীয়াপাৰাৰ ফৰিদ আলীৰ পুত্ৰ তথা কুখ্যাত চোৰ ফাৰুক আব্দুল্লাক অৱশেষত হাজো থানাই সোমবাৰৰ নিশা আটক কৰে।নিতৌ ন ন কৌশলেৰে চুৰি-ডকাইতি কৰি অহা কুখ্যাত ফাৰুকে আৰক্ষীৰ চকুত ধূলি দিবলৈ নিজৰ বলেৰ' গাড়ীৰ আগত পুলিচৰ নামফলক লগাই লৈছিল আৰু এই গাড়ীৰে অনায়াসে চুৰিকাৰ্য সংঘটিত কৰি আহিছিল।কিছুদিন পূৰ্বে ফাৰুকৰ ঘৰত হাজো থানাই অভিযান চলাই বহু পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰিছিল।পুলিচে ফাৰুকৰ ঘৰৰ পৰা এলইডি টিভি, মোবাইল ফোন উদ্ধাৰ কৰিছিল।আনকি ফাৰুকৰ ঘৰৰ পৰা থানাই 'এছ ২৫এল ০৪০৫' বলেৰ' গাড়ীখনো উদ্ধাৰ কৰিছিল।ফাৰুকৰ পিতৃ ফৰিদ আলীক আৰক্ষীয়ে আটকো কৰিছিল।কিন্তু ফাৰুক পলাই গৈছিল।দীৰ্ঘদিন ধৰি পলাই থকা ফাৰুকক নিশা হাজো থানাই কুৰিহাৰ পৰা আটক কৰে।হাজো থানাই ফাৰুকক মাৰাথান জেৰা চলাই আছে ।
- Log in to post comments
- 40 views