বঙাইগাঁওঃ
অনাময়ৰ ক্ষেত্ৰত হোৱা প্ৰগতিৰ মানদণ্ড অনুসৰি জিলা আৰু ৰাজ্যসমূহৰ স্থান নিৰূপণ কৰিবলৈ ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰণালৰ অধীনত খোৱা পানী আৰু অনাময় বিভাগে সমগ্ৰ দেশজুৰি আৰম্ভ কৰা 'স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ- ২০১৯ ' বঙাইগাঁও জিলাতো সোমবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁও জিলা পানী আৰু অনাময় সমিতিৰ দ্বাৰা বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত তথা জিলা পানী আৰু অনাময় সমিতিৰ সভাপতি আদিল খানে বন্তি প্ৰজ্বলন কৰি 'স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ- ২০১৯' কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ৷ জিলা পানী আৰু অনাময় সমিতিৰ কনচালটেন্ট বেনুধৰ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত সমিতিৰ সচিব তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বঙাইগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মানস প্ৰতীম বৰগোহাইয়ে উদ্দেশ্য ব্যাখ্যা কৰে ৷ উদ্দেশ্য ব্যাখ্যাত তেওঁ ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা 'স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৯' কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰি বঙাইগাঁও জিলাখনক অনাময়ৰ ক্ষেত্ৰত অগ্ৰণী জিলাৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত জিলাবাসী ৰাইজৰ সহযোগিতা বিচাৰে ৷ আনহাতে জিলা উপায়ুক্ত আদিল খানে উদ্বোধনী ভাষণত কয় যে পৰিষ্কাৰ-পৰিছন্নতা আৰু স্বচ্ছতাৰ কথাটো কোনো নতুন কথা নহয় ৷ আমাৰ যিমান ধৰ্ম আছে প্ৰতিটো ধৰ্মতে স্বচ্চতাৰ কথা কোৱা হৈছে ৷ যেতিয়া কোনো লোকে মন্দিৰত পূজা দিবলৈ যায় বা মছজিদত নামাজ পঢ়িবলৈ যায় তেতিয়া সকলোৱে গা-পা ধুই শুদ্ধ হৈ যায় ৷
গতিকে স্বচ্ছতাৰ বিষয়টো আমাৰ সংস্কৃতিৰ অন্তৰ্গত ৷ মহামানৱ মহাত্মা গান্ধীয়ে স্বচ্ছতাক বিশেষ গুৰুত্ব দিছিল ৷ যাৰ বাবে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বচ্ছতাক এক আন্দোলনৰ ৰূপ দিয়াৰ বাবে চিন্তা কৰিছে ৷ গতিকে স্বচ্ছ ভাৰত মিছনতো বেলেগ কোনো আঁচনি বা কাৰ্যসূচীৰ দৰে নহয় ৷ স্বচ্ছ ভাৰত হ'ল এটা মিছন আৰু ইয়াক এক আন্দোলন হিচাপে আৰম্ভ কৰা হৈছে ৷ এই মিছনৰ লগত সকলো ৰাইজে জড়িত হ'ব লাগে ৷ স্বচ্ছ ভাৰতৰ উদ্দেশ্য কেৱল শৌচাগাৰ নিৰ্মাণ কৰাতোৱে নহয় ৷ শৌচাগাৰ নিৰ্মাণ কৰা হৈছে আৰু নিৰ্মাণ কৰাতো জৰুৰী আছিল ৷ ইতিমধ্যে বঙাইগাঁও জিলাখন মুকলিত মল ত্যাগ মুক্ত জিলা হিচাপে পৰিগণিত হৈছে ৷ কেৱল শৌচাগাৰ নিৰ্মাণ কৰিলেই নহ'ব ৷ স্বচ্ছতাৰ আমাৰ অভ্যাসত পৰিণত হ'ব লাগে ৷ আমাৰ চিন্তাতো স্বচ্ছ হ'ব লাগিব আৰু ইয়াক আমি মগজুত সোমাই ল'ব লাগিব যে আমি নিজে স্বচ্ছ তথা পৰিষ্কাৰ থাকিম আৰু আমাৰ ওচৰ - চুবুৰীয়া অঞ্চলকো স্বচ্ছ ৰাখিম ৷ আমাৰ ঘৰ,চৌপাশ, বিদ্যালয়, কাৰ্যালয় , পঞ্চায়ত আদি স্বচ্ছ ৰাখিলেহে উদ্দেশ্যতো সফল হ'ব ৷ সেইদৰে পৰিষ্কাৰ- পৰিছন্নতা অটুত ৰাখিবলৈ তথা সুস্বাস্থ্য বজাই ৰাখিবলৈ হলে আমি এশ শতাংশই প্লাষ্টিক বৰ্জন কৰিব লাগিব বুলি কয় ৷ উপায়ুক্তগৰাকীয়ে অনুষ্ঠানত ৰাইজৰ উপস্থিতি দেখি উদ্দেশ্যত সফল হ'ব পাৰিব বুলি দৃঢ় বিশ্বাস উৎপন্ন হোৱা বুলি প্ৰকাশ কৰে ৷ তেওঁ কয় যে অনুষ্ঠানত উপস্থিত থকা সকল হ'ল পঞ্চায়তৰ প্ৰতিনিধি, গ্ৰামাঞ্চলৰ প্ৰতিনিধি ৷ সেয়ে ইয়াত দুখ মানুহ নহয় বৰং জিলাখনৰ আঠ লাখ মানুহ বহি আছে ৷ গতিকে চৰকাৰে যি বিচাৰিছে সেই কথাখিনি গৈ তেওঁলোকে ৰাইজক জনাব আৰু ৰাইজে এই মিছনৰ লগত জড়িত হৈ মিছনক সফল কৰিব ৷ এই দায়িত্ব কেৱল চৰকাৰী বিভাগ সমূহৰে নহয় ৷ এই ক্ষেত্ৰত ৰাইজৰ সহায় - সহযোগিতা কামনা কৰি ৰাইজৰ সহায় - সহযোগিতা পালে উদ্দেশ্যত সফল হ'ব পাৰিব বুলি কৈ এই বিষয়টো গাঁৱে -ভূঞে সকলোতে প্ৰচাৰ চলাবলৈকো অনুষ্ঠানত উপস্থিত থকাসকলোক আহ্বান জনায় ৷ অনুষ্ঠানত সহকাৰী আয়ুক্ত মাচুম আহমেদ, বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ আৰু বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে 'স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ- ২০১৯ ' কাৰ্যসূচী সফল কৰি তোলাৰ লগতে জিলাখনক ভাৰতৰ ভিতৰত এখন স্বচ্ছ জিলা হিচাপে গঢ়ি তুলিবলৈ ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় ৷ ইপিনে অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোৱে জিলাখনত এক পৰিষ্কাৰ- পৰিছন্ন পৰিৱেশ সদা অটুট ৰখা, সকলোৱে প্ৰকৃত অনাময় অভ্যাস তথা স্বাস্থ্য বিধান বিধি মানি চলা, পেলনীয়া গোটা আৰু জুলীয়া দ্ৰব্য সমূহ নিষ্কাষণৰ ব্যৱস্থা কৰা, জিলাখন সকলো সময়তে মুকলিত মল ত্যাগ মুক্ত কৰি ৰাখিবলৈ সচেষ্ট হোৱা, জিলাখনক প্লাষ্টিক মুক্ত কৰি ৰখা,নিজৰ ঘৰখনৰ লগতে চুবুৰীটোৰ পৰিষ্কাৰ - পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ প্ৰতিস্তা বছৰে কমেও এশ ঘন্টা সময় আত্ম নিয়োগ কৰা আৰু জিলাখনক এখন স্বচ্ছ জিলা ৰূপে গঢ়ি তুলিবলৈ দায়ৱদ্ধ হৈ থকাৰ বাবে সকলোৱে শপত গ্ৰহণ কৰে ৷ শপত বাক্য পাঠ কৰায় জিলা পৰিষদৰ সভাপতি বিজয় সিংহই ৷ আনহাতে অনুষ্ঠানৰ শেষত মুকলিত মল ত্যাগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ অৰ্থে এখন বাটৰ নাটতো প্ৰদৰ্শন কৰা হয় ৷ অনুষ্ঠানত পঞ্চায়ৰ সভাপতি তথা প্ৰতিনিধি, স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিনিধি ,আত্মসহায়ক গোটৰ সদস্য , স্বচ্ছাগ্ৰহী আদিৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া - কৰ্মচাৰী আদি উপস্থিত থাকে৷
- Log in to post comments
- 55 views