ষ্টেট বেংকৰ ঋণ সমাধান শিবিৰ সম্পন্ন

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

ভাৰতীয় ষ্টেট বেংকৰ কমাৰকুছি আৰু কালাগ শাখাৰ উদ্যোগত যোৱা ৮ চেপ্তেম্বৰত বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰশিমলুৱাত এটি ঋণ সমাধান শিবিৰ অনুস্থিত হৈ যায়৷স্থানীয় অংকুৰ ফাৰ্মাৰচ ক্লাৱৰ উদ্যোগত আয়োজিত উক্ত শিবিৰত বেংক কৰ্তৃপক্ষৰ হৈ কেইবাজনো বিষয়া উপস্থিত থাকি কে চি চি ঋণৰ নবীকৰণ আৰু আপোচ কৰাৰ লগতে এন পি পি ঋণৰ আপোচ সম্পৰ্কত সভাখনত উপস্থিত থকা বেংক গ্ৰাহক সকলক ফহিয়াই কয়।ফাৰ্মাৰচ ক্লাৱৰ সভাপতি নিৰ্মল তালুকদাৰ আৰু সম্পাদক মনুৰাম তালুকদাৰৰ  প্ৰচেষ্টাত আয়োজিত এই শিবিৰটোত উক্ত অঞ্চলৰ বহু ঋণ গ্ৰহণ কৰা লোকে অংশগ্ৰহণ কৰে৷

Your Comments