সোমবাৰে পুৱা মা কামাখ্যাৰ আশীষ ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে

three

নিউজ ডেস্ক:

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰে। পুৱা প্ৰায় ১০ বজাত কামাখ্যা মন্দিৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মাৰ আশীষ লয়। মন্ত্ৰীগৰাকীয়ে মাৰ আশীষ লোৱাৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,  বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে অমিত শ্বাহৰ আগমনক লৈ মন্দিৰৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়। মা কামাখ্যাৰ আশীষ লৈ পোনে পোনে কলাক্ষেত্ৰত  'নেডা'ৰ বৈঠকলৈ ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। ইফালে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ নকৰিলে শ্বাহে।

Your Comments