বাজপেয়ীক অন্তিম শ্ৰদ্ধা নিবেদিবলৈ গৈ অপদস্থ স্বামী অগ্নিৱেশ

বাজপেয়ীক অন্তিম শ্ৰদ্ধা নিবেদিবলৈ গৈ অপদস্থ স্বামী অগ্নিৱেশ

সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক অন্তিম শ্ৰদ্ধা নিবেদিবলৈ গৈ আজি অপদস্থ হ’ল স্বামী অগ্নিৱেশ ৷

বিজেপিৰ পিতামহ বাজপেয়ীৰ নশ্বৰ দেহ আজি শেষ শ্ৰদ্ধা জনাবৰ বাবে লৈ যোৱা হৈছিল বিজেপি দলৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়লৈ ৷ সেই সময়তে বাজপেয়ীক অন্তিম শ্ৰদ্ধা নিবেদিবলৈ সেই স্থানত বৰ্ষীয়ান সমাজ সেৱক স্বামী অগ্নিৱেশ উপস্থিত হয়গৈ ৷

পিছে অগ্নিৱেশক দেখা পায়েই বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত ৰৈ থকা একাংশ লোকে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে গালি-গালাজ কৰে ৷

স্মৰ্তব্য যে যোৱা জুলাই মাহতো ঝাৰখণ্ডত কেইজনমান সন্দেহজনক ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যই অপদস্থ কৰিছিল স্বামী অগ্নিৱেশক ৷
 

Your Comments