সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সমগ্র ৰাজ্যতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপেই পালন কৰি আহিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাটো আজি অনুষ্ঠিত হৈছে ৩৬ তম অভিৰুচি ক্ৰীড়া দিৱস। চৰাইদেউ জিলাৰ সোণাৰিৰ নাফুক সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি অনুষ্ঠিত হৈ যায় ক্ৰীড়া দিৱস। দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি পুৱাই নাফুক সন্মিলিত যুৱ মঞ্চই অনুষ্ঠিত কৰে মাৰাথান দৌৰ প্ৰতিযোগিতা। উজনি অসমৰ বহুকেইখন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত।
ইফালে চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগতো সোণাৰিত অনুষ্ঠিত হৈছে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী। পুৱা সামুহিক দৌৰ অনুষ্ঠিত কৰাৰ পাছত আবেলিলৈ ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠক সকলক চৰাইদেউ জিলা ক্ৰীড়া সন্থাই সম্বৰ্ধনা জনাই । সভাত সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকি ক্ৰীড়াবিদসকলক উৎসাহ জনায়।
- Log in to post comments
- 3 views