নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন :
দেশজুৰি আলোড়ন সৃষ্টি কৰা যোৰহাটৰ টীয়ক চাহ বাগিচাৰ চিকিৎসক দেৱেন দত্তৰ নিৰ্মম হত্যাৰ বিৰুদ্ধে নলবাৰীতো চিকিৎসকসকলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । আজি সন্ধিয়া নলবাৰীৰ চিকিৎসক তথা তেওঁলোকৰ পৰিয়াল,স্বাস্থ্যকৰ্মীৰ লগতে পোন্ধৰতাতকৈও অধিক সংগঠনৰ প্ৰতিনিধি আৰু শুভাকাংক্ষীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে হাতত বেনাৰ আৰু মমবাতি লৈ ৰাজপথত মৌন সমদল কৰি প্ৰতিবাদত নামি পৰে। প্ৰতিবাদী সমদলকাৰীসকলে নলবাৰী আমছা হাউচৰ পৰা চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে । সক্ৰিয় যুৱ নেতা দিলজিৎ বৰ্মনে আতঁ ধৰা উক্ত সমদল কাৰ্যসূচীৰ অন্তত নলবাৰী থানা চ'কৰ ঘুৰণীয়া উদ্যানত সকলো সমবেত হয় আৰু বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি প্ৰদানেৰে ডাঃ দত্তৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।প্ৰতিবাদকাৰী চিকিৎসকসকলে সংবাদ মাধ্যমৰ আগত কয় যে চাহ বাগিচা অঞ্চলত চিকিৎসা সেৱা প্ৰদান কৰা চিকিৎসকৰ লগতে সকলো চিকিৎসকক সুৰক্ষা প্ৰদান কৰিব লাগে। উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে চিকিৎসক দেৱেন দত্তৰ হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ দাবী জনোৱা হয়।
- Log in to post comments
- 4 views