হিমন্তই মোক তেতিয়া কি দৰৱ খুৱাইছিল নাজানো যাৰ বাবে মই কেৱল হিমন্তৰ কথাতহে গুৰুত্ব দিছিলোঁ- তৰুণ গগৈ

t gogoi

নিউজ ডেস্ক : 

মঙ্গলবাৰে মূলতঃ এন আৰ চি বিষয়ক লৈ এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।সংবাদমেলখনত গগৈয়ে কয় যে "এন আৰ চিক লৈ চাৰিওফালৰ পৰা প্ৰতিবাদৰ যোৱাৰ উঠিছে। এই প্ৰতিবাদ কেৱল এটা শ্ৰেণীতে সীমাবদ্ধ নহয়। সকলো শ্ৰেণীৰ মানুহেই ক্ষোভ প্ৰকাশ কৰিছে। এনে ক্ষোভ প্ৰকাশ আগতে হোৱা নছিল। অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত আজি এনে এটা অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত বহু ভাৰতীয় নাগৰিক  এতিয়া  দিনে নিশাই দুশ্চিন্তাৰ মাজত থাকিবলগীয়া হৈছে"। 


"যেতিয়া লৈকে বিদেশী বুলি চিনাক্ত নহয় তেতিয়ালৈকে বিদেশী ন্যায়াধিকৰণলৈ লৈ পঠাব নোৱাৰে। লাখ লাখ ভাৰতীয়ক বিদেশী কৰাৰ অধিকাৰ কোনে দিলে। যাৰ দোষৰ কাৰণে লাখ লাখ ভাৰতীয়ক বিদেশী সজোৱা হ'ল, সেই সকলৰ শাস্তি হ'ব নে নাই" বুলিও তেওঁ মন্তব্য কৰে। 

    "মই ৰঞ্জন গগৈক  এন আৰ চি খনৰ ভুল ক্ৰুটিৰ বাবে কাইলৈ আবেদন  কৰিম । ইয়াত আপোনাৰ নামো সাঙোৰ খাই আছে। এই এন আৰ চি খন আপোনাৰ নিৰ্দেশ মতে হৈছে নে নাই আৰু আপুনি ইয়াত সন্মত নে হয় নে নহয় কওক" বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক প্ৰশ্ন কৰে । 


 অসমৰ মানুহক হিমন্তই বুৰ্বক সজাইছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল দুৰ্গা পূজা,কালি পূজা কৰিলেই হ'ল। কিন্তু হিমন্তৰ কথা শুনি পূজা কৰাবোৰে এতিয়া ফল পাইছে" বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
 
  "হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চি ৰ ওপৰত মাত মতাৰ কোনো অধিকাৰ নাই। যদি নোৱাৰা তেনেহলে বাদ দিয়া। মই পাইলত প্ৰজেক্টত ফেল হলো  কিন্তু তোমালোকে ১৬ হাজাৰ কোটি টকা খৰচ কৰি দুগুণ ফেল মাৰিলা "।  


" হিমন্ত আৰু সোণোৱালৰ মাজত এতিয়া শীতল যুদ্ধ চলি আছে বুলিও আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। হিমন্তই মুখ্যমন্ত্ৰী হ'ব বিচাৰি আছে আৰু সোণোৱালে গাদী এৰিব নিবিচাৰে।  মই ইমান চতুৰ নহয় বাবেই হিমন্তই মোক লাথ মাৰিলে। হিমন্তই মোক  কি দৰব খুৱাইছিল নাজানো। যাৰ বাবে মই কেৱল হিমন্তৰ কথাত হে গুৰুত্ব দিছিলোঁ।  কিন্তু হিমন্ত ই সেই দৰৱ সোণোৱালক খুৱাব নোৱাৰে" বুলিও গগৈয়ে মন্তব্য কৰে । 

আনহাতে তিয়ক চাহ বাগিচাৰ  হত্যাকাণ্ডৰ কথাত গগৈয়ে কয় যে ডাক্টৰৰ হত্যাৰ বাবে  যি ধৰ্মঘট কৰিছে তাত মই সমৰ্থন জনাইছোঁ। অসম চৰকাৰক দাবী জনাইছোঁ নতুন আইন বনাই হলেও কিন্তু ডাক্টৰ সকলক সুৰক্ষা দিব লাগে"।

Your Comments