দলগাঁও :
আমাৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত কৃতকাৰ্য হ'ব নোৱাৰাৰ কাৰণ হ'ল শিক্ষানুষ্ঠানসমূহত গুনগত মানদন্ডৰ শিক্ষা নোপোৱা - এই মন্তব্য কৰে দৰঙৰ দলগাঁৱত থকা পন্ডিত দীনদয়াল মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থকা অসমৰ মহান উদ্ভাৱক বিজ্ঞানী ড° উদ্ধৱ ভৰালীৰ। আজিৰ ছাত্ৰী ছাত্ৰী সকলে শিক্ষা সাং কৰি নিয়োগৰ কোনো সুবিধা নাপাই বুলি প্ৰচলিত কথাষাৰৰ প্ৰত্যুত্তৰত তেওঁ কয় আচলতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা যিবোৰ ছাত্ৰ ছাত্ৰী ওলাই তেওঁলোকৰ বহুতৰে নিয়োগ যোগ্যতা নাই৷ বহু শিক্ষানুষ্ঠানৰ পৰা মান সম্পন্ন শিক্ষাৰ্থী নোলোৱাৰ একমাত্ৰ কাৰণ হ'ল শিক্ষা ব্যৱস্থা৷ আজি ইঞ্জিনিয়াৰিঙৰ দৰে শিক্ষাও ব্যৱহাৰিক শিক্ষা হৈ থকা নাই। বিশিষ্ট বিজ্ঞানী ভৰালীয়ে ছাত্ৰ ছাত্ৰী সকলক একো একো গৰাকী দক্ষ মানৱ সম্পদ হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনায়৷ইফালে সভাখনত 'বীক্ষন' নামৰ মহাবিদ্যালয়ৰ আলোচনী খনো উন্মোচন কৰে দৰঙৰ উপায়ুক্ত ঘনশ্যাম দাসে৷ উপায়ুক্ত গৰাকীয়ে নিজ ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰী সকলক মোবাইলত ফেচবুক, হোৱাটচ এপৰ সলনি অধ্যয়নত অধিক গুৰুত্ব দি নিজকে সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷ সভাখনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লক্ষী প্ৰসাদ হাজৰিকা, সহকাৰী অতিৰিক্ত উপায়ুক্ত কমলজিৎ শৰ্মা, দলগাঁও ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ, মংগলদৈ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী শচীন্দ্ৰ চহৰীয়া, বেছিমাৰী আৰু দলগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দিলোৱাৰ হুছেইন আৰু নছিমুদ্দিন আহমেদো উপস্থিত থাকে৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে৷
- Log in to post comments
- 25 views